ভাৰতে প্ৰথমবাৰৰ বাবে জিআই টেগযুক্ত ইণ্ডি লাইম যুক্তৰাজ্যলৈ প্ৰেৰণ

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে কয় যে, কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ (APEDA) বাণিজ্য বিভাগে কৰ্ণাটকৰ পৰা জিআই টেগযুক্ত ইণ্ডি লাইম আৰু তামিলনাডুৰ পৰা যুক্তৰাজ্যলৈ পুলিয়ানকুডি লাইম প্ৰথমবাৰৰ বাবে বিমানযোগে প্ৰেৰণৰ সুবিধা প্ৰদান কৰিছে।
 
মন্ত্ৰী গোৱালে কয়, "আমাৰ কৃষকসকলৰ বাবে এক বৃহৎ সকাহ! এপেডাডক (APEDADOC)এ কৰ্ণাটকৰ পৰা জি আই টেগ কৰা ইণ্ডি লাইম আৰু তামিলনাডুৰ পৰা যুক্তৰাজ্যলৈ প্ৰথমবাৰৰ বাবে বিমান চালানৰ সুবিধা প্ৰদান কৰা হৈছে। এই ঐতিহাসিক পদক্ষেপে কৃষকসকলক সবলীকৰণ কৰিব, নতুন পথ মুকলি কৰিব আৰু বিশ্বৰ বজাৰত ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উপস্থিতি শক্তিশালী কৰিব।"   
 
চলিত বৰ্ষৰ আৰম্ভণিতে এপেডাই কৰ্ণাটকৰ বিজয়পুৰাৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীলৈ তিনি মেট্ৰিক টন (এমটি) জিআই টেগ কৰা স্বদেশী  লাইম সফলতাৰে ৰপ্তানি কৰিছিল। 
 
ছ'চিয়েল মিডিয়াত এই খবৰটো শ্বেয়াৰ কৰি গোৱালে লিখিছে, "ভাৰতৰ জি আই টেগ কৰা সামগ্ৰীয়ে বিশ্বজুৰি আমাৰ নাম উজলাই তুলিছে। কৰ্ণাটকৰ বিজয়াপুৰাৰ পৰা ইউ এ ইলৈ প্ৰথমবাৰৰ বাবে ৩ মেট্ৰিক জি আই টেগ কৰা স্বদেশী ইণ্ডি লাইম ৰপ্তানিৰ সুবিধা প্ৰদান কৰাৰ বাবে এপেডাডকক ধন্যবাদ। এই পদক্ষেপে ভাৰতৰ জি আই টেগ কৰা কৃষি সামগ্ৰীৰ বাবে বিশ্বৰ বজাৰত নতুন পথ মুকলি আৰু সৃষ্টি কৰিব। আমাৰ কৃষক আৰু ৰপ্তানিকাৰকসকলৰ বাবে অধিক সুযোগ আগবঢ়াব।" 
 
ভৌগোলিক সূচক (GI) টেগ এনে সামগ্ৰীসমূহক প্ৰদান কৰা হয়, যিবোৰৰ উৎপত্তিস্থলৰ সৈতে জড়িত সুকীয়া গুণ আছে, যাৰ ফলত প্ৰামাণ্যতা আৰু বিশ্বব্যাপী স্বীকৃতি নিশ্চিত কৰা হয়। প্ৰবল সুগন্ধি আৰু সুকীয়া সোৱাদৰ বাবে পৰিচিত স্বদেশী ইণ্ডি লাইম এতিয়া এই শিতানত ভাৰতৰ সম্প্ৰসাৰিত ৰপ্তানি পৰ্টফলিঅ’ৰ অংশ হৈ পৰিছে।
 
লাইমৰ উপৰিও কাৰ্গিলৰ পৰা ঘৰৱালি আপেল আৰু এপ্ৰিকোটৰ ৰপ্তানিয়ে চৌদি আৰব, কুৱেইট, কাটাৰতো নতুন বজাৰ লাভ কৰিছে। ইফালে, মঙলবাৰে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিবলৈ ব্ৰাছেলছত ইউৰোপীয় সংঘৰ বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তা আয়ুক্ত মাৰ’ছ চেফকোভিচৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী গোৱালে।