নতুন দিল্লী
প্ৰথমবাৰৰ বাবে কৃত্ৰিম বৰষুণৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে দিল্লীবাসীয়ে। কিয়নো ডাৱৰৰ বীজ সিঁচাৰ বাবে নিৰ্ধাৰিত বিমানখনে কানপুৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীলৈ উৰা মাৰিছে বুলি দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই উল্লেখ কৰিছে।
ডাৱৰৰ বীজ সিঁচাৰ ক্ষেত্ৰত আৰ্দ্ৰতাৰে ভৰা ডাৱৰত নিৰ্দিষ্ট কণা যেনে চিলভাৰ আয়'ডাইড স্ফটিক বা নিমখ ভিত্তিক যৌগ প্ৰৱেশ কৰি কৃত্ৰিমভাৱে বৰষুণৰ সৃষ্টি কৰা হয়।
এই কণাবোৰ বিয়পিবলৈ বিমান ব্যৱহাৰ কৰা হয়, যিয়ে সৰু ডাৱৰৰ টোপালবোৰ ঘনীভূত কৰি ডাঙৰ বৰষুণৰ টোপাললৈ পৰিণত কৰে, যাৰ ফলত বৰষুণৰ সম্ভাৱনা থাকে।
দীপাৱলীৰ পিছত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) কেইবাটাও ক্ষেত্ৰত ‘নিম্ন’ আৰু ‘অতি নিম্ন’ শ্ৰেণীৰ অধীনত আছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি মঙলবাৰে দিনৰ ১ বজালৈকে দিল্লীৰ একুইৰ সংখ্যা ৩০৪ ত আছিল, যিটো ‘অতি নিম্ন’ শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
চহৰখনৰ নিৰীক্ষণ ষ্টেচনসমূহৰ ভিতৰত আনন্দ বিহাৰে ৩১১, আৰ কে পুৰাম ৩১৬, ছিৰি ফ’ৰ্ট ৩৪৭, বাৱানা ৩৩৪, বুৰাৰী ক্ৰছিং ৩১৯, দ্বাৰকা ছেক্টৰ ৮ ৩১১, মুণ্ডকা ৩১৮, নাৰেলা ৩০২ আৰু পাঞ্জাবী বাগ ৩১৩ৰ একিউআইৰ ৰিপ’ৰ্ট দিছে -- এই সকলোবোৰকে ‘অতি নিম্ন’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
যোৱা সপ্তাহত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ক্লাউড ছিডিংক ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বাবে এক প্ৰয়োজনীয়তা আৰু চহৰখনৰ স্থায়ী পৰিৱেশ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দিশত এক অগ্ৰণী পদক্ষেপ বুলি অভিহিত কৰিছিল।
এএনআইৰ সৈতে হোৱা বাৰ্তালাপত ৰেখা গুপ্তাই কয় যে, ক্লাউড ছিডিং দিল্লীৰ বাবে এক প্ৰয়োজনীয়তা আৰু ই এই ধৰণৰ প্ৰথম পৰীক্ষা। আমি দিল্লীত চেষ্টা কৰি চাব বিচাৰো যে, ই আমাক এই অতি ভয়াৱহ পৰিৱেশ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰিব নে নোৱাৰে?
তেওঁ লগতে কয়, গতিকে দিল্লীবাসীৰ আশীৰ্বাদ চৰকাৰৰ লগত আছে, আৰু আমি অনুভৱ কৰোঁ যে এইটো এটা সফল পৰীক্ষা হ’ব আৰু ভৱিষ্যতে আমি এই পৰিৱেশজনিত সমস্যাসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হ’ম।