জাগীৰোডৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা; তিনিজন চিকিৎসকৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 11 h ago
ডাঃ কন্ঠেশ্বৰ বৰদলৈ, আচিফ হুচেইন আৰু মানস মহন্ত
ডাঃ কন্ঠেশ্বৰ বৰদলৈ, আচিফ হুচেইন আৰু মানস মহন্ত
 
গুৱাহাটী
 
মঙলবাৰে পুৱা জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চিলচাঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। এই ঘটনাত ৩ জন লোকৰ মৃত্যু হয়। তীব্ৰবেগী ক্ৰেতা বাহনখনে ৰাস্তাৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে। যাৰ ফলত এই ঘটনা সংঘটিত হৈছে। মৃতসকল ডাঃ কন্ঠেশ্বৰ বৰদলৈ, আচিফ হুচেইন আৰু মানস মহন্ত বুলি চিনাক্ত হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
 
আনহাতে, দুজন লোক দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক চিকিৎসাৰ বাবে ইতিমধ্যে হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা বাহনখনত মুঠ ৫ জন লোক আছিল, ইয়াৰ ভিতৰত ৩ জনৰ থিতাতে মৃত্যু হয়। বাহনখনৰ নম্বৰ AS-01EW-6546 বুলি জানিব পৰা গৈছে। তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাডাৰত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।
 
উল্লেখযোগ্য যে, মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে কৰ্মৰত ডাঃ বৰদলৈয়ে যোৱা মাহত ১০ ঘন্টাৰ ভিতৰত ২১ টা ছিজাৰিয়ান কৰি বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত তেওঁক জিলা স্বাস্থ্য কৰ্তৃপক্ষই বন্ধ্যাকৰণ আৰু ৰোগীৰ সুৰক্ষাৰ প্ৰট’কলৰ ক্ষেত্ৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। ৫ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত তেওঁ ২১ টাকৈ নৱজাতক প্ৰসৱ কৰিছিল।
 
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আহতসকল বৰ্তমান হাস্পাতালত ভৰ্তি হৈ আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।