শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনসহ পাঁচজনক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

Story by  atv | Posted by  [email protected] • 1 Months ago
শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনসহ পাঁচজনক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ
শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনসহ পাঁচজনক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ
 
গুৱাহাটী
 
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত পাঁচোজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
 
নিৰ্ধাৰিত ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত মঙলবাৰে পাঁচ অভিযুক্তক ভাৰ্চুৱেলী কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । পিছত আদালতে পাঁচ অভিযুক্তকে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
 
উল্লেখযোগ্য যে পহিলা অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক এছ আই টিয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিছিল। দুয়োকে সেইদিনাই পুৱা কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰোৱাই ১৪ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।
 
ইয়াৰ সমান্তৰালভাবে জুবিনৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক যোৱা ৮ অক্টোবৰত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰে। তেওঁক আদালতে সাতদিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্রেৰণ কৰিছিল। আনহাতে, জুবিনৰ দুই ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো যোৱা ১০ অক্টোবৰত এছ আই টিয়ে গ্রেপ্তাৰ কৰিছিল। তেওঁলোকক আৰক্ষীয়ে পাঁচ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰে।
 
তেওঁলোকৰ এছ আই টিৰ জিম্মাৰ ম্যাদ অন্ত পৰাত ১৫ অক্টোবোৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আটাইকেইজনক হাজিৰ কৰোৱা হয়। তাৰ পিছত আদালতে ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। ধৃত ৫ জনকে বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে, তেওঁলোকক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত বাক্সাত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। তাৰ পৰিপ্ৰেক্ষিতত আটাইকেজনকে ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়।