২০৫০ চনৰ ভিতৰত বিশ্বৰ সর্বাধিক মুছলমান জনসংখ্যাৰ দেশত পৰিণত হ'ব ভাৰত

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
২০৫০ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২৮০ কোটিলৈ বৃদ্ধি হ'ব। সেই হিচাপে ২০৫০ চনৰ ভিতৰত ইণ্ডোনেছিয়াক চেৰ পেলাই বিশ্বৰ সর্বাধিক মুছলমান জনসংখ্যাৰ দেশত পৰিণত হ'ব ভাৰত। আন্তর্জাতিক প্রতিষ্ঠান 'পিউ'ৰ শেহতীয়া প্রতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। 
 
প্রতিষ্ঠানটোৰ মতে, বিগত ১০ বছৰত বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীৰ সংখ্যা ৩৪.৭ কোটি বৃদ্ধি পাইছে। এই সংখ্যা অন্যান্য ধৰ্মাৱলম্বীৰ সৰ্বমুঠ সংখ্যাতকৈও অধিক। মুছলমানৰ জনসংখ্যা সর্বাধিক বৃদ্ধি পাইছে এছিয়া-প্রশান্ত মহাসাগৰীয় এলেকাত। পিউৰ প্রতিবেদনমতে, ২০১০-২০ বর্ষত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১২ শতাংশ। ২০২০ চনত বিশ্বত হিন্দুৰ জনসংখ্যা আছিল ১২০ কোটি, এয়া বিশ্বৰ জনসংখ্যাৰ ১৪.৯ শতাংশ। 
 
ইপিনে ভাৰতত হিন্দুৰ জনসংখ্যা সামান্য হ্রাসো পাইছে। ২০১০ চনত ভাৰতত হিন্দুৰ জনসংখ্যা আছিল ৮০ শতাংশ, ২০২০ চনত এই সংখ্যা হ্রাস পাই হৈছেগৈ ৭৯ শতাংশ। আনহাতে ভাৰতত মুছলমানৰ জনসংখ্যা ১৪.৩ শতাংশৰ পৰা বৃদ্ধি ঘটি হৈছেগৈ ১৫.২ শতাংশ। বিগত ১০ বছৰত বিশ্বত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সংখ্যা ২১৮ কোটিৰ পৰা ২৩০ কোটিলৈ বৃদ্ধি পাইছে। 
 
বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত খ্ৰীষ্টানৰ সংখ্যা ৩০.৬ শতাংশৰ পৰা হ্রাস পাই ২৮.৮ শতাংশ হৈছেগৈ। একেদৰে বৌদ্ধ ধৰ্মাৱলম্বী সংখ্যাও পূর্বতকৈ হ্রাস পাইছে। আনহাতে ইছলাম ধৰ্মাৱলম্বীৰ সমানে বৃদ্ধি পাইছে নাস্তিক বা ধর্মবিহীন লোকৰ সংখ্যা। ১০ বছৰত ১৯ লাখ বৃদ্ধি ঘটি নাস্তিক বা ধর্মবিহীনৰ সংখ্যা ২৭ কোটিলৈ বৃদ্ধি পাইছে।