ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ ভাৰতীয় সেনাৰ; শীৰ্ষ সেনাধ্যক্ষ নয়ন অসম নিহত, ১৯ গৰাকী আহত

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
দেওবাৰে পুৱাৰ ভাগত ম্যানমাৰত বাহৰ পাতি থকা ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ অসম (আলফা)ৰ চাৰিটা শিবিৰক ড্ৰ'নেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ম্যানমাৰৰ ভূখণ্ডৰ ভিতৰত অৱস্থিত শিবিৰত ভাৰতীয় সেনাই সীমা অতিক্ৰম কৰি এক শক্তিশালী আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে। প্ৰায় ১০০ টা ড্ৰোন জড়িত হৈ বিদ্ৰোহী গোটটোৰ ঘাটিসমূহ নিখুঁতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।  
 
এক সূত্ৰৰ পৰা জানিব পৰামতে, এই আক্ৰমণৰ ফলত কেইবাজনো কেডাৰৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। নিশ্চিত নোহোৱা বাতৰি অনুসৰি এই আক্ৰমণত নিহতসকলৰ ভিতৰত আলফা স্বাধীনৰ সামৰিক শাখাৰ জ্যেষ্ঠ অধিনায়ক আলফাৰ লেফটেনেণ্ট জেনেৰেল নয়ন আছম থাকিব পাৰে। সীমান্তৰ সিপাৰৰ পৰা চলি থকা বিদ্ৰোহীৰ আন্তঃগাঁথনিৰ বিৰুদ্ধে ভাৰতীয় বাহিনীয়ে শেহতীয়াকৈ কৰা অন্যতম উল্লেখযোগ্য আক্ৰমণ হিচাপে দেখা গৈছে এই বিমান আক্ৰমণ। অৱশ্যে ভাৰত চৰকাৰ বা সামৰিক কৰ্তৃপক্ষৰ পৰা আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।
 
আলফা স্বাধীনে দাবী কৰা এক বিবৃতি অনুসৰি, নাগালেণ্ড-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে 'সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]' আৰু 'আৰ পি এফ/পি এল এ' সংগঠনৰ বিভিন্ন চলনাম শিবিৰত পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীয়ে ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে অতৰ্কিতে আক্ৰমণ চলাই৷ সংগঠনৰ বিভিন্ন শিবিৰত ডেৰ শাতাধিক ড্ৰোণেৰে বোমাবৰ্ষণ কৰাৰ পৰিপ্ৰেক্ষিতত সংগঠনৰ নিম্ন পৰিষদৰ সন্মানীয় সভাপতি লেঃ জেঃ নয়ন অসমৰ মৃত্যু হোৱাৰ ওপৰিও সংগঠনৰ বিভিন্ন শিবিৰত প্ৰায় ১৯ গৰাকী বিষয়া/সদস্য আহত হৈছে৷    
 
সংগঠনৰ মুক্তি বিপ্লৱ যে, বুৰঞ্জীগত ন্যায্যতাৰ ওপৰত প্ৰতিষ্ঠিত সেয়া ঔপনিৱেশিক দখলদাৰী বাহিনীৰ এই বৰ্বৰোচিত-কাপুৰুচিত আক্ৰমণে পুনৰ এবাৰ প্ৰমাণ কৰিলে৷ ঔপনিৱেশিক ৰাষ্ট্ৰই শংকিত হৈ যুক্তিপূৰ্ণ আলোচনা মেজৰ পৰা আঁতৰাৰ এক অপকৌশলৰ আশ্ৰয় লৈ আমাৰ সংগঠনক নিঃশেষ কৰিবলৈ উঠি-পৰি লাগিছে৷ কিন্তু ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই হৃদয়ঙ্গম কৰা উচিত যে, তেওঁলোকে এনেধৰণৰ হেজাৰ আক্ৰমণৰ চলালেও 'সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]' সংগঠনৰ শেষৰগৰাকী মুক্তি সেনানী জীয়াই থকালৈকে অসমৰ সাৰ্বভৌম স্বাধীনতাৰ ন্যায্য অধিকাৰ পৰিত্যাগ নকৰে আৰু অসমৰ থলগিৰ জনগণৰ এই অধিকাৰ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ হাতত কেতিয়াও অৰ্পন নকৰে৷
 
আন এক বিবৃতিত বিদ্ৰোহী সংঠনটোৱে উল্লেখ কৰিছে যে, ঔপনিৱেশিক দখলদাৰী বাহিনীৰ দ্বাৰা সংঘতিত হোৱা ড্ৰোণ আক্ৰমণৰ ফলশ্ৰুতিত 'অমৰ মৃতক' বৰণ কৰা 'সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]' সংগঠনৰ নিম্ন পৰিষদৰ সন্মানীয় সভাপতি লেঃ জেঃ নয়ন অসম মহাশয়ৰ অন্ত্যেষ্টিক্রিয়া চলি থকা মাজতে দখলদাৰী বাহিনীয়ে মানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰি এইবাৰ মিছাইল নিক্ষেপ কৰে। 
 
বিবৃতিত লগতে উল্লেখ কৰিছে যে, ভেৰোণীয়া বাহিনীৰ এই নিষ্ঠুৰ-অমানৱীয় আক্ৰমণত ব্রিগেদিয়াৰ গণেশ অসম আৰু কর্ণেল প্রদীপ অসম মহাশয়দ্বয়ে 'অমৰ মৃতক' বৰণ কৰাৰ ওপৰিও আন কেইবাগৰাকী বিষয়া/সদস্যৰ লগতে সাধাৰণ নাগৰিক আহত হৈছে। বর্তমানেও নির্দিষ্ট অঞ্চলসমূহত দখলদাৰী বাহিনীৰ যুদ্ধ বিমানৰদ্বাৰা আক্ৰমণ অব্যাহত ৰাখিছে। অসমৰ থলগিৰি ৰাইজক জনাওঁ যে; ঔপনিৱেশিক ৰাষ্ট্ৰৰ এই বৰ্বৰোচিত আক্ৰমণৰ প্ৰতিশোধ আমি লবলৈ দৃঢ়প্রতিজ্ঞ।