ভাৰতীয় সৈনিক হ'ব 'মিঃ ইণ্ডিয়া'ৰ দৰে অদৃশ্য

Story by  atv | Posted by  [email protected] • 7 Months ago
ভাৰতীয় সৈনিক হ'ব 'মিঃ ইণ্ডিয়া'ৰ দৰে অদৃশ্য
ভাৰতীয় সৈনিক হ'ব 'মিঃ ইণ্ডিয়া'ৰ দৰে অদৃশ্য
 
নতুন দিল্লী
 
আই আই টি কানপুৰৰ বিশেষজ্ঞসকলে এনে এবিধ বিশেষ বস্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছে, যাৰ পিচফালে থিয় দিলে কোনো বস্তুবেই দেখা নাযাব। অকল মানুহেই নহয়, যিকোনো পদার্থ এইখন কাপোৰৰ পিচফালে ৰাখিলে নিমিষতে অদৃশ্য হৈ পৰিব।
 
বলিউডৰ মিঃ ইণ্ডিয়া ছবিত নায়ক অদৃশ্য হোৱাৰ লেখীয়াকৈ আই আই টি কানপুৰৰ বিশেষজ্ঞসকলেও এইখন কাপোৰ ভাৰতীয় সৈনিকৰ বাবে কামত অহাকৈ প্ৰস্তুত কৰিছে। এইখন বিশেষ কাপোৰৰ পিচফালে সেনাবাহিনী, বিমান আৰু ড্রোন আদি থাকিলে শত্ৰুৰ দৃষ্টিত নপৰে। শত্ৰুৰ ৰাডাৰ অথবা উপগ্ৰহৰ লগতে ইনফ্ৰাৰেড কেমেৰা আদিতো ধৰা নপৰে এইখন কাপোৰৰ পিচফালে থিয় হৈ থকা বস্তু।
 
বিশেষজ্ঞসকলৰ মতে শত্ৰুৰ চকুত ধূলি দিবলৈ ভাৰতীয় সৈনিকে ব্যৱহাৰ কৰা বিভিন্ন অস্ত্ৰ আৰু যুদ্ধ বিমান যদি এইবিধ কাপোৰেৰে ঢাকি দিয়া হয়, তেন্তে শত্ৰুৰ চকুত মুঠেও ধৰা নপৰিব। এনে অদৃশ্য বস্তুৰ জৰিয়তে শত্ৰুৰ বিৰুদ্ধে যুঁজাটো সহজ হ'ব বুলিও বিজ্ঞানীসকলে দাবী কৰিছে। আই আই টি কানপুৰৰ তিনিজন বিজ্ঞানী ক্ৰমে কুমাৰ বৈভৱ শ্ৰীবাস্তৱ, এছ অনন্ত ৰামকৃষ্ণন আৰু জে ৰামকুমাৰে মিলি এই বিশেষ বস্ত্রখন প্রস্তুত কৰিছে।