উচ্চ ন্যায়ালয়ত আবেদন ইণ্ডিগ'ৰ; ঘূৰাই লাগে ৯০০ ‎কোটিৰো ‎অধিক ‎কাষ্টমছ ‎শুল্ক

Story by  atv | Posted by  [email protected] • 2 Months ago
উচ্চ ন্যায়ালয়ত আবেদন ইণ্ডিগ'ৰ; ঘূৰাই লাগে ৯০০ ‎কোটিৰো ‎অধিক ‎কাষ্টমছ ‎শুল্ক
উচ্চ ন্যায়ালয়ত আবেদন ইণ্ডিগ'ৰ; ঘূৰাই লাগে ৯০০ ‎কোটিৰো ‎অধিক ‎কাষ্টমছ ‎শুল্ক
 
নতুন দিল্লী
 
ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ'ৱে ৯০০ কোটিৰো অধিক কাষ্টমছ শুল্ক ঘূৰাই বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। বিমান সংস্থাটোৱে দাবী কৰিছে যে, মাৰ্চ মাহত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া এক বৃহৎ ৰায়দানৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
উল্লেখযোগ্য যে,উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰতিভা এম সিং আৰু ন্যায়াধীশ শৈল জৈনৰ ডিভিজনৰ সন্মুখত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। এতিয়া মুখ্য ন্যায়াধীশৰ নিৰ্দেশ অনুসৰি গোচৰটো আন বিচাৰপীঠৰ সন্মুখত দাখিল কৰা হ’ব।
 
প্ৰণিধানযোগ্য যে,ইণ্ডিগোৱে দাবী কৰে যে এই বিষয়টো পূৰ্বে শুল্ক ন্যায়াধিকৰণে নিষ্পত্তি কৰিছিল। যদিও পিছত সংশ্লিষ্ট ৰেহাইৰ অধিসূচনাৰ সংশোধন কৰা হৈছিল। ইণ্ডিগ'ই আদালতত জনায় যে, বিমানৰ গুৰুত্বপূৰ্ণ অংশসমূহ ক্লিয়াৰেন্সৰ বাবে কাষ্টমছ বিষয়াসকলৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে ৪,০০০ ৰো অধিক বিল অফ এন্ট্ৰিৰ জৰিয়তে ৯০০ কোটিৰো অধিক শুল্ক পৰিশোধ কৰিবলৈ বাধ্য হৈছিল।
 
আনহাতে ইণ্ডিগ' বিমান সংস্থাই  দাবী কৰে যে, কাষ্টমছ কৰ্তৃপক্ষই তেওঁলোকৰ ঘূৰাই বিচাৰা আবেদন নাকচ কৰি  বিল অফ এন্ট্ৰিৰ পুনৰ মূল্যায়ন কৰাতো বিচাৰিছে।