নতুন দিল্লী
দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই বিমানবন্দৰ)ত তিনিজন ইটালীৰ নাগৰিকে প্ৰয়োজনীয় ইমিগ্ৰেচন ক্লিয়াৰেন্স সম্পূৰ্ণ নকৰাকৈ জাৰ্মানীলৈ যাত্ৰা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগৰ পাছতেই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়াক সাত দিনৰ ভিতৰত স্পষ্টীকৰণ দিবলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে৷
জাননীখনত উল্লেখ কৰা হৈছে যে, ‘হাব এণ্ড স্প’ক’ অপাৰেশ্ব’নৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) উলংঘা কৰা হৈছে৷ ফলত তিনিজন বিদেশী নাগৰিকে প্ৰয়োজনীয় ইমিগ্ৰেচন ক্লিয়াৰেন্সৰ অবিহনে ভাৰত এৰি গৈছে৷
জাননীখনত লগতে উল্লেখ কৰা হয় যে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হৈছে যে ২০২৬ চনৰ যোৱা ৩-৪ ছেপ্টেম্বৰত অমৃতসৰৰ পৰা দিল্লীলৈ হাব আৰু স্পক নম্বৰ এ আই ১১১৫ বিমানখনৰ পৰিচালনাৰ সময়ত গুৰুতৰ নিৰাপত্তা আৰু অনুপ্ৰৱেশৰ সম্পৰ্কীয় ত্ৰুটি সংঘটিত হৈছিল৷ যাৰ ফলত তিনিজন ইটালীৰ নাগৰিকে ২০২৬ চনৰ ৪ ছেপ্টেম্বৰত লুফথানছাৰ বিমান নম্বৰ এল এইচ ৭৬৩ত পুৱা ০১:৪৫ বজাত বাধ্যতামূলক প্ৰস্থান ইমিগ্ৰেচন ক্লিয়াৰেন্স অবিহনে দিল্লীৰ পৰা মিউনিখলৈ উৰা মাৰে।
মন্ত্ৰালয়ৰ ভিতৰৰ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ২০২৬ চনৰ ৪ ছেপ্টেম্বৰৰ পুৱা ০০:৫০ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে তিনিওজন যাত্ৰী আই জি আই বিমানবন্দৰত উপস্থিত হৈছিল৷ জাননীখনত লগতে এই গাফিলতিৰ বাবে বিমান সংস্থাটোৰ বিৰুদ্ধে কিয় ব্যৱস্থা ল’ব নালাগে বুলি প্ৰশ্ন কৰা হৈছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়াক আন্তঃৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্থানান্তৰ এলেকাত যাত্ৰীসকলে কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে স্পষ্টীকৰণ দিবলৈ কোৱাৰ কথা বিষয়াগৰাকীয়ে উল্লেখ কৰে৷
মন্ত্ৰালয়ে যাত্ৰীসকলক চম্ভালা আৰু স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত জড়িত এয়াৰ ইণ্ডিয়া আৰু ছেটছৰ জোৱানসকলৰ ভূমিকা সম্পৰ্কে তথ্য বিচাৰিছে৷ ইয়াৰ উপৰিও এই ঘটনাৰ সময়ত নিৰ্দিষ্ট ন’ডেল অফিচাৰ আৰু নিৰীক্ষণ দল ক’ত আছিল আৰু দিল্লীত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ প্ৰয়োজনীয় মেচিং কিয় কৰা নহ’ল বুলিও প্ৰশ্ন কৰা হৈছে৷