ইমিগ্ৰেচন ক্লিয়াৰেন্স অবিহনে ভাৰতৰ পৰা ৰাওনা ৩ ইটালীৰ নাগৰিক; এয়াৰ ইণ্ডিয়ালৈ কাৰণ দৰ্শোৱা জাননী

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই বিমানবন্দৰ)ত তিনিজন ইটালীৰ নাগৰিকে প্ৰয়োজনীয় ইমিগ্ৰেচন ক্লিয়াৰেন্স সম্পূৰ্ণ নকৰাকৈ জাৰ্মানীলৈ যাত্ৰা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগৰ পাছতেই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়াক সাত দিনৰ ভিতৰত স্পষ্টীকৰণ দিবলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে৷ 
 
জাননীখনত উল্লেখ কৰা হৈছে যে, ‘হাব এণ্ড স্প’ক’ অপাৰেশ্ব’নৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) উলংঘা কৰা হৈছে৷ ফলত তিনিজন বিদেশী নাগৰিকে প্ৰয়োজনীয় ইমিগ্ৰেচন ক্লিয়াৰেন্সৰ অবিহনে ভাৰত এৰি গৈছে৷  
 
জাননীখনত লগতে উল্লেখ কৰা হয় যে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হৈছে যে ২০২৬ চনৰ যোৱা ৩-৪ ছেপ্টেম্বৰত অমৃতসৰৰ পৰা দিল্লীলৈ হাব আৰু স্পক নম্বৰ এ আই ১১১৫ বিমানখনৰ পৰিচালনাৰ সময়ত গুৰুতৰ নিৰাপত্তা আৰু অনুপ্ৰৱেশৰ সম্পৰ্কীয় ত্ৰুটি সংঘটিত হৈছিল৷ যাৰ ফলত তিনিজন ইটালীৰ নাগৰিকে ২০২৬ চনৰ ৪ ছেপ্টেম্বৰত লুফথানছাৰ বিমান নম্বৰ এল এইচ ৭৬৩ত পুৱা ০১:৪৫ বজাত বাধ্যতামূলক প্ৰস্থান ইমিগ্ৰেচন ক্লিয়াৰেন্স অবিহনে দিল্লীৰ পৰা মিউনিখলৈ উৰা মাৰে। 
 
মন্ত্ৰালয়ৰ ভিতৰৰ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ২০২৬ চনৰ ৪ ছেপ্টেম্বৰৰ পুৱা ০০:৫০ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে তিনিওজন যাত্ৰী আই জি আই বিমানবন্দৰত উপস্থিত হৈছিল৷ জাননীখনত লগতে এই গাফিলতিৰ বাবে বিমান সংস্থাটোৰ বিৰুদ্ধে কিয় ব্যৱস্থা ল’ব নালাগে বুলি প্ৰশ্ন কৰা হৈছে। 
 
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়াক আন্তঃৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্থানান্তৰ এলেকাত যাত্ৰীসকলে কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে স্পষ্টীকৰণ দিবলৈ কোৱাৰ কথা বিষয়াগৰাকীয়ে উল্লেখ কৰে৷
 
মন্ত্ৰালয়ে যাত্ৰীসকলক চম্ভালা আৰু স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত জড়িত এয়াৰ ইণ্ডিয়া আৰু ছেটছৰ জোৱানসকলৰ ভূমিকা সম্পৰ্কে তথ্য বিচাৰিছে৷ ইয়াৰ উপৰিও এই ঘটনাৰ সময়ত নিৰ্দিষ্ট ন’ডেল অফিচাৰ আৰু নিৰীক্ষণ দল ক’ত আছিল আৰু দিল্লীত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ প্ৰয়োজনীয় মেচিং কিয় কৰা নহ’ল বুলিও প্ৰশ্ন কৰা হৈছে৷


শেহতীয়া খবৰ