মণিপুৰৰ চুড়াচান্দপুৰত সেনাৰ গুলীত নিহত ৪ কুকি বিদ্ৰোহী

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ইম্ফল
 
৪ নৱেম্বৰৰ পুৱতি নিশা মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ পশ্চিমে অৱস্থিত খাঁপি গাঁৱত চোৰাংচোৱা ভিত্তিক অভিযান চলাই নিৰাপত্তা বাহিনীয়ে নন-ছাচপেনচন অৱ অপাৰেচন (এছ অ’ অ’) বিদ্ৰোহী গোট ইউনাইটেড কুকি নেশ্যনেল আৰ্মি (ইউ কে এন এ)ৰ চাৰিজন কেডাৰক হত্যা কৰে।
 
প্ৰতিৰক্ষা সূত্ৰৰ মতে, সন্ত্ৰাসবাদীয়ে সেনা চাউনিত অপ্ৰৰোচিত গুলীচালনা কৰাৰ পিছত এই এনকাউণ্টাৰ আৰম্ভ হয়। ইয়াৰ পিছত হোৱা গুলীচালনাৰ ফলত ইউকেএনএৰ ৪ জন উগ্ৰপন্থীৰ মৃত্যু হয়। এতিয়াও অভিযান অব্যাহত আছে, কাষৰীয়া অঞ্চলত সেনা বাহিনীয়ে তালাচী চলাই আছে।
 
শেহতীয়াকৈ ইউকেএনএৰ কেডাৰসকলে গাঁৱৰ এজন মুখীয়ালক হত্যা, স্থানীয় লোকক ভয় দেখুৱাই অঞ্চলটোক অস্থিৰ কৰাৰ চেষ্টাকে ধৰি অত্যাচাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এই পদক্ষেপ লোৱা হৈছে বুলি সেনাই জনায়।
 
ইয়াৰ লগতে কয় যে, এই সফল অভিযানে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদান আৰু মণিপুৰত স্থায়ী শান্তি নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।