অসমত ১০০ কোটি টকা বিনিয়োগ কৰিব কাৰ্ল-অনে

Story by  atv | Posted by  [email protected] • 8 h ago
অসমত ১০০ কোটি টকা বিনিয়োগ কৰিব কাৰ্ল-অনে
অসমত ১০০ কোটি টকা বিনিয়োগ কৰিব কাৰ্ল-অনে
 
নতুন দিল্লী
 
পূব ভাৰতৰ বজাৰত ব্যৱসায় বৃদ্ধি কৰাৰ লক্ষ্যৰে বিভিন্ন নতুন আঁচনি গ্রহণ কৰিছে আগশাৰীৰ মেট্ৰেছ প্রস্তুতকাৰী প্ৰতিষ্ঠান কার্ল-অনে। শেহতীয়াকৈ পূব ভাৰতত প্রতিষ্ঠানটোৰ বজাৰ পৰিসৰ ১৯ শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে নতুন প্রকল্প ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। পূব ভাৰতৰ বজাৰৰ বাবে চাহিদা অনুসৰি যোগান নিশ্চিত কৰিবলৈ ওড়িশাৰ লগতে অসমতো নতুন উৎপাদন প্রকল্প স্থাপন কৰিব প্রতিষ্ঠানটোৱে।
 
এক তথ্যত প্রকাশ পোৱামতে অহা ডিচেম্বৰ মাহত ওড়িশাৰ প্ৰকল্পটো মুকলি হোৱাৰ পিচত অসমত আন এটা প্রকল্প স্থাপনৰ কাম আৰম্ভ কৰা হ'ব। ওড়িশাত স্থাপন হ'বলগা এই প্রকল্পটোরে প্রায় ১৯ একৰ ভূমি সামৰি ল'ব। এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ মুখ্য বিপণন বিষয়া আশুতোষ বৈদ্যই কয় যে ওড়িশাৰ এই প্রকল্পত প্রথম পর্যায়ত ৬৫ কোটি টকা বিনিয়োগ কৰা হৈছে। প্রথম অৱস্থাত ইয়াত দৈনিক ২,৫০০ খন মেট্রেছ উৎপাদন কৰিব পৰা ক্ষমতা থাকিব। পৰৱৰ্তী পৰ্যায়ত এই ক্ষমতা ৪,৫০০ খনলৈ বৃদ্ধি হ'ব বুলি তেওঁ কয়।
 
চূড়ান্ত পর্যায়ত প্রায় ৪০ কোটি টকা ব্যয় কৰা হ'ব। ওড়িশাৰ এই প্রকল্পটোৰ পৰা বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ মেট্রেছসমূহ যোগান ধৰা হ'ব। আনহাতে দ্বিতীয়টো প্রকল্প প্রায় ১০০ কোটি টকা বিনিয়োগেৰে অসমত স্থাপন কৰাৰ পৰিকল্পনা কৰিছে কার্ল-অনে। অৱশ্যে এই সন্দৰ্ভত বিতং তথ্য প্রকাশ কৰা নাই বিষয়াগৰাকীয়ে। অসমত স্থাপন হ'বলগা প্রকল্পটোৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্রয়োজনীয় মেট্ৰেছৰ চাহিদা অনুসৰি যোগান নিশ্চিত কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী বিষয়াগৰাকী।
 
ওড়িশা আৰু অসমৰ দুয়োটা প্রকল্প সম্পূর্ণ হৈ উঠিলে মুঠ উৎপাদন ক্ষমতা ১ লাখ খনতকৈ অধিক হ'ব বুলি তেওঁ কয়। পূব ভাৰতত খুচুৰা উপস্থিতি সম্প্ৰসাৰণ কৰাৰ বাবেও নতুন আঁচনি গ্রহণ কৰিছে প্রতিষ্ঠানটোৱে। ২০২০ চনলৈকে অঞ্চলটোত কার্ল-অনৰ বিপণীৰ সংখ্যা আছিল ২০০ খন। এতিয়া বিভিন্ন মাল্টিব্রেন্ড বিপণীত মেট্ৰেছৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবে সম্প্ৰসাৰণ আঁচনিও ৰূপায়ণ কৰা হৈছে বুলি তেওঁ কয়। অচিৰেই প্রায় ১,৫০০ খন মাল্টিব্রেন্ড বিপণীত উপলব্ধ হ'ব কার্ল-অনৰ মেট্রেছ।