ইম্ফাল
চলিত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰিব। কিন্তু হিংসাত্মক পৰিস্থিতিৰে জৰ্জৰ মণিপুৰত এক নতুন বিপৰ্যয়ৰ সৃষ্টি হৈছে। মণিপুৰৰ নগা জনজাতীয় সংগঠনে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কৰাৰ লগতে সংযুক্ত নগা পৰিষদে ‘বাণিজ্য বাহন চলাচলত নিষেধাজ্ঞা’ৰ আহ্বান কৰিছে।
কেন্দ্ৰই ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণৰ কৰি মুক্ত চলাচল ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংযুক্ত নগা পৰিষদে বাণিজ্য চলাচল নিষিদ্ধ কৰিছে, যাৰ ফলত তাত নগা প্ৰধান পাহাৰীয়া অঞ্চলত সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চলাচলত প্ৰভাৱ পৰিছে।
পথ অৱৰোধৰ ফলত কোনো ধৰণৰ বাণিজ্যিক সামগ্ৰী চলাচল কৰিব নোৱাৰিব বুলি ইউএনচিয়ে প্ৰকাশ কৰিছে। ইয়াৰ দাবীত তেওঁলোকে ২ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। সোমবাৰৰ নিশাৰ পৰা আৰম্ভ হয় অৱৰোধ কাৰ্যসূচী।
পথ অৱৰোধৰ ফলত তাত থকা সেনাপতি, উখৰুল আৰু তামেংলং অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে। ফলত নগা অধ্যুষিত অঞ্চলটোত আবদ্ধ হৈ পৰিছে কেইবাখনো ট্ৰাক। অৱৰোধৰ ফলত মণিপুৰৰ অন্যান্য প্ৰান্তলৈ যোগান লাইন ব্যাহত হৈ পৰিছে। যিবোৰ অঞ্চলত সামগ্ৰীৰ যোগান বন্ধ হৈ গৈছে, সেইবোৰৰ ভিতৰত আছে চেণ্ট্ৰেল ভেলী আৰু দক্ষিণৰ কুকি প্ৰধান পাহাৰ।
ইউএনচিয়ে দাবী কৰিছে যে, সীমান্ত অঞ্চলত বেৰ দিয়া আৰু অঞ্চলটোত মুক্ত চলাচল ব্যৱস্থাৰ অন্ত পৰিলে সমগ্ৰ মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰত নগা জনজাতি বিভাজন হ’ব। ইয়াৰ ফলত তেওঁলোকৰ সাংস্কৃতিক পৰিচয় আৰু পূৰ্বপুৰুষৰ সৈতে সম্পৰ্ক বিনষ্ট হ’ব।
ইউএনচিয়ে জনাইছে যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক এই অঞ্চলত বেৰ নিদিয়াৰ বাবে অনুৰোধ জনোৱা হৈছিল আৰু যোৱা মাহত এখন বৈঠক অনুষ্ঠিত হৈছিল। অৱশ্যে ই ব্যৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে নগা জনজাতীয় ৰাইজ।
তেওঁলোকৰ উদ্বেগৰ প্ৰতি কেন্দ্রই কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই বুলি দাবী কৰিছে ইউএনচিয়ে৷ সেয়ে এই অৱৰোধ কাৰ্যসূচী সাব্যস্ত কৰিবলৈ বাধ্য হৈছে৷ সংযুক্ত নগা পৰিষদেও দাবী কৰিছে যে, এই অৱৰোধ তেওঁলোকৰ ‘শান্তিপূৰ্ণ প্ৰতিবাদ’। অৱশ্যে তেওঁলোকৰ দাবীক আওকাণ কৰিলে এই প্ৰতিবাদ তীব্ৰতৰ হ’ব বুলিও তেওঁলোকে সকীয়াই দিছে।