RATS এছ চি অ’ কাউন্সিলৰ বৈঠকে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 3 h ago
কাউন্সিল অৱ RATSৰ ৪৪ সংখ্যক বৈঠকত ৰাষ্ট্ৰীয় প্ৰতিনিধিসকল
কাউন্সিল অৱ RATSৰ ৪৪ সংখ্যক বৈঠকত ৰাষ্ট্ৰীয় প্ৰতিনিধিসকল
নতুন দিল্লী

কিৰ্গিজ গণৰাজ্যৰ চোলপন আটাত বুধবাৰে অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ কাউন্সিল অৱ ৰিজিঅ’নেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ (RATS)ৰ ৪৪ সংখ্যক বৈঠকে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। 

তেনে কৰি কাউন্সিল অৱ RATS এছ চি অ’ই ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা এছ চি অ’ কাউন্সিল অৱ হেদছ অৱ ষ্টেটছ (চি এইচ এছ)ৰ বৈঠকৰ সময়ত স্বাক্ষৰিত টিয়ানজিন ঘোষণাপত্ৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ নিন্দা সম্পৰ্কীয় বিবৃতিৰ সমৰ্থন কৰে। শেহতীয়াকৈ টিয়ানজিন বৈঠকত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কিৰ্গিজ গণৰাজ্যৰ অধ্যক্ষতাত আয়োজন কৰা হৈছিল এই RATS কাউন্সিলৰ বৈঠক। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল ডেপুটি এন এছ এ টি ভি ৰবিচন্দ্ৰন। 

RATS এছ চি অ’ কাউন্সিলৰ বৈঠকত দিয়া ভাষণত ৰবিচন্দ্ৰনে ক্ষমাহীন পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৃষ্ঠপোষক, সংগঠক আৰু বিত্তীয় সাহায্যক জবাবদিহি কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, "আমি দ্বৈত মানদণ্ডৰ পৰা আঁতৰি থাকিব লাগে আৰু সকলো ধৰণৰ আৰু প্ৰকাশৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্প ল’ব লাগে।"