নতুন দিল্লী
পঞ্জাৱৰ বানপীড়িত অঞ্চলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বৃহৎ সাহায্য অভিযান আৰম্ভ কৰিছে। এই সাহায্য অভিযানৰ বাবে বিভিন্ন দলে স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি আছে। পঞ্জাৱৰ অমৃতসৰ আৰু চুলতানপুৰ লোধিত দ্ৰুতগতিত সাহায্য অভিযান আৰম্ভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।
তেওঁলোকৰ ১০ দফীয়া মানৱীয় পৰিকল্পনাত ১০ হাজাৰ পৰিয়ালক সহায় কৰা হৈছে। ১০০০টা অতি দুৰ্বল পৰিয়ালক ৫ হাজাৰ টকাৰ ভাউচাৰ ভিত্তিক সাহায্য আৰু কমিউনিটী পাকঘৰৰ বাবে শুকান খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। বানত ককবকাই থকা পঞ্জাৱত বিশুদ্ধ খোৱাপানীৰ বাবে বান বিধ্বস্ত গাঁৱসমূহত প’ৰ্টেবল পানী ফিল্টাৰৰ ব্যৱস্থা কৰা হৈছে।
বানপানীৰ ফলত গৃহহাৰা হোৱা পৰিয়ালসমূহক সহায় কৰিবলৈ টাৰ্পলিন, আঁঠুৱা, ৰছী, বিছনাকে ধৰি জৰুৰীকালীন আশ্ৰয়ৰ কিট বিতৰণ কৰা হৈছে। ৰোগৰ আশংকা ৰোধৰ বাবে স্বাস্থ্য সজাগতা শিবিৰ আৰু দূষিত পানীৰ উৎসত বীজাণুনাশক দিয়া হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে চেনিটেশ্যন কিটো প্ৰদান কৰা হৈছে।
কোম্পানীটোৰ আন এটা ডাঙৰ লক্ষ্য হৈছে পঞ্জাৱৰ বানপীড়িত অঞ্চলৰ পশুধনক সুৰক্ষা দিয়া। ইতিমধ্যে অঞ্চলটোত দীৰ্ঘদিন ধৰি পানী জমা হোৱাৰ বাবে জীৱ-জন্তুবোৰে ক্ষতিগ্ৰস্ত হৈছে বুলি পশু চিকিৎসাৰ দলে প্ৰকাশ কৰিছে। ৰিলায়েন্স ফাউণ্ডেশ্যন আৰু ইয়াৰ পশু কল্যাণমূলক পদক্ষেপ বনতাৰা, ৰাজ্যিক পশুপালন বিভাগৰ সমন্বয়ত পশু কল্যাণ শিৱিৰ স্থাপন কৰি ঔষধ, ভেকচিন আৰু খাদ্য যোগান ধৰিছে। প্ৰায় ৫ হাজাৰ গৰুলৈ ৩ হাজাৰৰো অধিক চাইলেজ বাণ্ডিল বিতৰণ কৰা হৈছে। বনতাৰা টীমে ইতিমধ্যে উদ্ধাৰ অভিযানৰ উপৰিও আহত জীৱ-জন্তুৰ চিকিৎসা আৰম্ভ কৰিছে। আনহাতে সংক্ৰমণ ৰোধৰ বাবে মৃত পশু সঠিকভাৱে আঁতৰা কৰি আছে।
ৰিলায়েন্সে কয় যে তেওঁলোকৰ দলসমূহে এই বিষয়ত জিলা প্ৰশাসন, পঞ্চায়ত আৰু NDRFৰ সৈতে ২৪ ঘণ্টাই কাম কৰি আছে। জিঅ’ পঞ্জাৱৰ দলটোৱে বানপীড়িত অঞ্চলসমূহত নেটৱৰ্ক সেৱা পুনৰুদ্ধাৰ কৰিছে। আনহাতে, ৰিলায়েন্স ৰিটেলে স্থানীয় পঞ্চায়তসমূহৰ সৈতে সমন্বয় কৰি ২১টা চিনাক্তকৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৰেচন আৰু অনাময় কিট প্ৰেৰণ কৰিছে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক অনন্ত আম্বানীয়ে কয় যে, ‘‘এই দুৰ্দশাৰ সময়ত পঞ্জাৱৰ জনসাধাৰণৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। ঘৰ-বাৰী, জীৱিকা আৰু নিৰাপত্তাহীনতাৰ অভাৱত পৰিয়ালবোৰ জুৰুলা কৰিছে। সমগ্ৰ ৰিলায়েন্স পৰিয়ালে তেওঁলোকৰ সৈতে থিয় দিছে। আমি খাদ্য, পানী, বাসস্থান আৰু মানুহ আৰু জীৱ-জন্তু উভয়ৰে যত্নৰ ব্যৱস্থা কৰিছো।’’ আগন্তুক কেইটামান সপ্তাহত ৰাজ্যখনত পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰি যাব বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে।