ছিডনী
অষ্ট্ৰেলিয়ান অ'পেন চেম্পিয়নৰ খিতাপ জয় কৰিলে ভাৰতৰ সুদক্ষ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে। দেওবাৰে পুৰুষৰ ছিংগলছৰ ফাইনেলত জাপানৰ য়ুছি তানাকাকাক পৰাস্ত কৰি ছিজনৰ প্ৰথমটো খিতাপ দখল কৰে লক্ষ্য সেনে।
পেৰিছ অলিম্পিকত চতুৰ্থ স্থান দখলৰ পিছত এক কঠিন পৰ্যায়ৰ মাজেৰে আগবঢ়া আলমোৰাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে জাপানৰ ২৬ বছৰীয়া তানাকাক ৩৮ মিনিটত ২১-১৫, ২১-১১ ত পৰাস্ত কৰি জয়ী হয়।
২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লক্ষ্য শেষবাৰৰ বাবে ২০২৪ চনত লক্ষ্ণৌৰ ছায়েদ মোদী আন্তঃৰাষ্ট্ৰীয়ত ছুপাৰ ৩০০ খিতাপ জয় কৰিছিল। অৱশ্যে, একে বছৰতে কানাডা অ'পেনত বিজয়ী হোৱাৰ পিছত এটা শীৰ্ষ স্তৰৰ মুকুট তেওঁ হেৰুৱাবলগীয়া হৈছিল, যদিও তেওঁ ছেপ্টেম্বৰত হংকং ছুপাৰ ৫০০ত ৰানাৰ-আপ হৈছিল।
এই জয়ৰ জৰিয়তে কমনৱেলথ গেমছৰ বর্তমানৰ চেম্পিয়নগৰাকীয়ে ইউ এছ অ’পেনত আয়ুষ শ্বেট্টীৰ প্রথম ছুপাৰ ৩০০ জয়ৰ পাছত এই ছিজনত BWF ৱৰ্ল্ড টুৰৰ খিতাপ জয় কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়৷
হংকং আৰু চাইনা মাষ্টাৰছত সত্যিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে কিদাম্বী শ্ৰীকান্তেও বছৰৰ আৰম্ভণিতে মালয়েছিয়া মাষ্টাৰছত ৰানাৰ্ছ আপৰ স্থান দখল কৰে।