গুৱাহাটী
আজি গোৱালপাৰাৰ পাইকান বনাঞ্চলত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ উচ্ছেদ অভিযানত নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মোতায়েন কৰাৰ লগতে ব্যৱহাৰ কৰা হৈছে অৰ্ধশতাধিক এক্সকেভেটৰ।
কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনত বিদ্যাপাৰা, বেতবাৰী, আশুডুবীত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।
পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত আছে ১০৮০টা পৰিয়াল, এটা 'জল জীৱন মিছন'ৰ আঁচনি, ৮টা মছজিদ, ৪খন বিদ্যালয় আৰু এখন মাদ্ৰাছা।
ইতিমধ্যে উচ্ছেদ অভিযানৰ পূৰ্বেই বহু লোকে নিজেই ঘৰ দুৱাৰ ভাঙি এৰিছে বেদখল কৰা ভূমি। বৰ্তমানো বেদখলকৃত ভূমিত বসবাস কৰা পৰিয়ালক উচ্ছেদৰ লক্ষ্য প্ৰশাসনৰ।