হেল্প এইড একাডেমীত আৰণ্যকৰ “প্ৰকৃতি পৰিচয়” কাৰ্যসূচীৰ আৰম্ভণি

Story by  atv | Posted by  [email protected] • 4 Months ago
অনুষ্ঠানটোৰ দৃশ্য
অনুষ্ঠানটোৰ দৃশ্য
 
গুৱাহাটী
 
শিক্ষাৰ্থী সকলৰ মাজত পৰিৱেশ, বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে দায়িত্ববোধ আৰু পাৰিপাৰ্শ্চিক সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে অগ্ৰণী বন্যপ্ৰাণী সংৰক্ষণ সংস্থা আৰণ্যকে “প্ৰকৃতি পৰিচয়” শীৰ্ষক এক নতুন পৰিৱেশ শিক্ষা কাৰ্যসূচী আৰম্ভ কৰিছে।
 
এই কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ চন্দ্ৰপুৰৰ হেল্প এইড একাডেমীত বুধবাৰে অনুষ্ঠিত কৰা হয় আৰু ইয়াত কুৰকুৰীয়া গাঁৱৰ ৪২ গৰাকী শীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ সময়ছোৱাত কৰা উপস্থাপন আৰু আলোচনাৰ সময়ত দিয়া মনোযোগৰ ওপৰত ভিত্তি কৰি ধেমেলীয়া কুইজিকেলৰ জৰিয়তে শীক্ষাৰ্থীসকলৰ বোধশক্তিৰ ক্ষমতাৰ মূল্যায়ন কৰা হয়।
 
এই ধৰণৰ মূল্যায়নে শিক্ষাৰ্থীসকলৰ সমালোচনাত্মক চিন্তাধাৰাক উৎসাহিত কৰি সৃষ্টিশীলভাৱে নিজৰ জ্ঞান প্ৰদৰ্শনৰ সুযোগ দিয়ে । আৰণ্যকৰ পৰিৱেশ বিশেষজ্ঞ আৰু এডুকেটৰ তন্বী হুছেইন আৰু ৱাছিমা বেগমে শিক্ষাৰ্থীসকলক সম্বোধি কয়, “আমাৰ ঘৰখনক সুৰক্ষিত কৰি ৰখাৰ দৰে  আমি বন্যপ্ৰাণীৰ বাসস্থান আৰু প্ৰাকৃতিক সম্পদসমূহো সুৰক্ষিত কৰা উচিত”।
 
অনুষ্ঠানটোৰ দৃশ্য
 
শিক্ষাৰ্থীসকলে খাদ্য শৃংখলৰ জৰিয়তে পৰিৱেশৰ বিভিন্ন উপাদান আৰু বিভিন্ন অনুজীৱৰ মাজৰ সম্পৰ্কৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিওৱা “ৱেব অৱ লাইফ” শীৰ্ষক এক খেলতো অংশগ্ৰহণ কৰে। লগতে, এটা অনুজীৱ বা প্ৰজাতিৰ অবিহনে পৰিৱেশ ভাৰসাম্যৰ ওপৰত সৃষ্টি হোৱা চাপকো এই খেলৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়।
 
আৰণ্যকৰ কে-নাইন “স্নিফাৰ ডগ ইউনিট”ৰ সমন্বয়ক অনিল দাসে বন্যপ্ৰাণী সংৰক্ষণ আৰু নিৰীক্ষণৰ ক্ষেত্ৰত কে-নাইন স্কোৱাডে আগবঢ়োৱা সেৱাৰ উদাহৰণ দাঙি ধৰি পৰিৱেশতন্ত্ৰত বিভিন্ন প্ৰজাতিৰ গুৰুত্বৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।
 
কুৰকুৰীয়া গাঁৱৰ চাহ বাগিচা সম্প্ৰদায়ৰ উপান্ত শিক্ষাৰ্থীসকলক তেওঁলোকৰ দৈনন্দিন বিদ্যালয়ৰ সময়ৰ পাছত শিক্ষাদান কৰা “হেল্প এইড একাডেমীৰ” সহযোগত আৰণ্যকে এই কাৰ্যসূচী ৰুপায়ণ কৰে। কুৰকুৰীয়া গাঁওক এশ শতাংশ সাক্ষৰ কৰি তোলাৰ লগতে সামৰ্থ্য বৃদ্ধিৰ বাবে সমূহীয়া নাৰ্চাৰী কাৰ্যসূচীৰ বাবে কাম কৰা একাডেমীয়ে গাঁওখন তুলি লৈছে আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী সাক্ষৰতা অভিযান ৰূপায়ণ কৰি আছে।  একাডেমীয়ে সন্ধিয়া পাঠদানৰ বিনিময়ত শিক্ষাৰ্থীৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা গ্ৰহণ কৰে।
 
এই কাৰ্যসূচীতে জলাশয়ক বিষয়বস্তু হিচাপে লৈ আৰণ্যকৰ মিডিয়া পাব্লিকেচন এণ্ড কমিউনিকেচন বিভাগে ডিজাইন কৰা আৰণ্যকৰ বাৰ্ষিক কেলেণ্ডাৰখনো একাডেমীক প্ৰদান কৰা হয়।