নতুন দিল্লী
নিৰাপত্তাৰক্ষীৰে ভৰি থকা দেশৰ ৰাজধানী দিল্লীত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ অধিবক্তাৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা। মঙলবাৰে গভীৰ নিশা কাশ্মীৰী গেট আই এছ বি টিৰ সমীপত সংঘটিত হৈছে এই ঘটনাটো।
জানিব পৰা মতে গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ আইনী দলৰ সৈতে জড়িত অধিবক্তা দীপক খাত্ৰীৰ গাড়ীত দুৰ্বৃত্তই গুলীচালনা কৰে। এই ঘটনাত তেওঁৰ এজন সংগী সন্দীপৰ কান্ধত গুলীয়ে আঘাত কৰে। ইয়াৰ পিছতেই আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহতজনক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমান আহত লোকজন বিপদমুক্ত বুলি কোৱা হৈছে। এই বিষয়ে সদৰী কৰিছে যুটীয়া আৰক্ষী আয়ুক্ত মধুৰ বাৰ্মাই।
আৰক্ষীয়ে সদৰী কৰা মতে, মঙলবাৰে নিশা প্ৰায় ১০:৩০ বজাত এই ঘটনাটো সংঘটিত হয়। অধিবক্তা দীপক খাত্ৰী হনুমান মন্দিৰৰ পৰা আই এছ বি টিলৈ গাড়ীৰে চাৰিজন সংগীৰ সৈতে গৈ থকা অৱস্থাতেই স্কুটাৰত অহা তিনিজন দুৰ্বৃত্তই গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এই ঘটনাটো সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
এই ঘটনা সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত মধুৰ বাৰ্মাই কয়, "নিশা প্ৰায় ১০:৩০ বজাত অধিবক্তা দীপক খাত্ৰী চাৰিজন সংগীৰ সৈতে আই এছ বি টিৰ দিশে গাড়ী চলাই আহিছিল। স্কুটাৰত অহা তিনিজন দুৰ্বৃত্তই গাড়ীখনত গুলীচালনা কৰে। ইয়াৰে এজন অস্ত্ৰধাৰী আছিল। দীপক খাত্ৰীৰ এজন সংগী সন্দীপৰ কান্ধত গুলী লাগিছে। লগে লগে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বিপদমুক্ত বুলি খবৰ পোৱা গৈছে।"
তেওঁ আৰু কয় যে দীপক খাত্ৰী আৰু তেওঁৰ সংগীসকলৰ পৰা বিতং বক্তব্য লিপিবদ্ধ কৰা হৈছে। প্ৰাথমিক তথ্যত দীপক খাত্ৰীয়ে শ্বাহজাদ ভট্টি নামৰ এজন ব্যক্তিৰ পৰা ভাবুকি পাইছিল।
ইপিনে, ডি চি পি ৰাজা বান্থিয়াই অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰিছে বুলি কয়। ইতিমধ্য়ে ঘটনাস্থলীৰ চাৰিওফালে স্থাপন কৰা চিচি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে।