নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদান কৰা বিধেয়কৰ খচৰাত অনুমোদন জনায়। প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ পিছত বিগত ২০২৪ চনত কেন্দ্ৰ চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিছিল।
নীট ইউ-জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ মাজতে ২০২৪ চনৰ জুন মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি সাপেক্ষে ৰাজহুৱা পৰীক্ষা(ন্যায্য বহিৰ্ভুত উপায় প্ৰতিৰোধ) আইন, ২০২৪ ৰ বিষয়ে অৱগত কৰা হৈছিল।
পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ সৈতে জড়িত সংস্থাসমূহে আয়োজন কৰা কোনো গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ সৈতে জড়িত অপৰাধমূলক কাৰ্যৰ শাস্তি হিচাপে কোনো সুনিৰ্দিষ্ট, শক্তিশালী আইনৰ ব্যৱস্থা নাছিল।
এই আইনৰ উদ্দেশ্য হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী বাছনি আয়োগ, ৰে’ল বিভাগৰ পৰীক্ষা, বেংকিং নিযুক্তি সংস্থা আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আদিৰ দৰে দেশৰ আগশাৰীৰ সংস্থাসমূহে অনুষ্ঠিত কৰা পৰীক্ষাত অন্যায় উপায়ৰ ব্যৱহাৰ ৰোধ কৰা।
পূৰ্বৰ বিধেয়কখনত এনেধৰণৰ অসৎ কাৰ্য ৰোধৰ বাবে নূন্যতম তিনিৰ পৰা পাঁচ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছিল৷ আনহাতে, এই অপৰাধৰ সৈতে জড়িতসকলক পাঁচৰ পৰা দহ বছৰৰ কাৰাদণ্ড আৰু কমেও ১০ কোটি টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আছিল৷
বিধেয়কখনত অন্য চৰকাৰী সংস্থাৰ সেৱাত নিয়োজিত হোৱা ৰাজহুৱা পৰীক্ষা কৰ্তৃপক্ষ, মাপকাঠী, মানদণ্ড আৰু নিৰ্দেশনা প্ৰণয়ন কৰা আৰু অসৎ ব্যৱহাৰ বা অপৰাধৰ প্ৰতিবেদন দাখিল কৰা আদিৰ দৰে বিষয় সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া উপায় সন্নিবিষ্ট কৰা আছিল।
জানিব পৰা মতে, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলকো তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। শুকুৰবাৰে কেবিনেটৰ অনুমোদনৰ পিছত এতিয়া আগন্তুক সপ্তাহত সকলোৰে দৃষ্টি সংসদৰ ওপৰত নিবদ্ধ থাকিব য’ত এই গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় চৰকাৰে শিক্ষা মন্ত্ৰালয়ৰ ভিতৰচ’ৰাতো বৃহৎ প্ৰশাসনিক সালসলনি ঘটাইছে। উচ্চ শিক্ষা বিভাগৰ নতুন সচিব হিচাপে নিযুক্তি দিছে ৰাজস্থান কেডাৰৰ ১৯৯৪ বেটচৰ আইএএছ বিষয়া নৰেশ পাল গংগৱাৰক। বিনীত যোশীৰ স্থানত গংগৱাৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে।