গুৱাহাটী
কাইলৈ বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ । আমেৰিকা, অষ্ট্ৰেলিয়াৰ লগতে ভাৰতবৰ্ষকে ধৰি এছিয়া মহাদেশৰ পৰা দৃশ্যমান হ'ব এই পূর্ণগ্ৰাস চন্দ্রগ্রহণ। গুৱাহাটী তাৰকা গৃহৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ভাৰতীয় সময়মতে কাইলৈ বিয়লি ২.৩৯ বজাৰ পৰা চন্দ্ৰগ্ৰহণৰ আৰম্ভণি হ'ব আৰু গ্ৰহণৰ পৰিসমাপ্তি ঘটিব সন্ধিয়া ৬.১৯ বজাত।
পূর্ণগ্ৰাস চন্দ্রগ্রহণ বিয়লি ৩.৪৬ বজাত আৰম্ভ হৈ সন্ধিয়া ৫.১২ বজাপর্যন্ত অব্যাহত থাকিব। উত্তৰ-পূব ভাৰতত পূর্ণগ্ৰাস অৱস্থাতে পূর্ব দিগন্তত তামৰঙা বৰণীয়া চন্দ্ৰৰ উদয় হ'ব বুলি তেওঁ প্ৰকাশ কৰে। গুৱাহাটীত চন্দ্রোদয় হ'ব বিয়লি ৪.৩৪ বজাত আৰু পূৰ্ণ গ্রহণ সন্ধিয়া ৫.১২ বজালৈকে চলি থাকিব।
সন্ধিয়া ৬.১৯ বজাত আংশিক চন্দ্ৰগ্ৰহণৰ পৰিসমাপ্তি ঘটিব। ইফালে, ডিব্ৰুগড়ত চন্দ্ৰগ্ৰহণ হ'ব কাইলৈ বিয়লি ৪.১৭ বজাত আৰু গ্রহণ ২ ঘণ্টা ২ মিনিট সময় অব্যাহত থাকিব।
গুৱাহাটী তাৰকাগৃহ কর্তৃপক্ষই কাইলৈ বিয়লি ৪.৩০ বজাৰ পৰা অন্তিম পর্যায়লৈ গ্রহণ নিৰীক্ষণৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী তাৰকা গৃহই জানিবলৈ দিছে যে, চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰাত কোনোধৰণৰ বাধা নাই।