গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন

Story by  atv | Posted by  [email protected] • 3 Years ago
গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন
গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন
গুৱাহাটী
 
বুধবাৰে গুৱাহাটীৰ নুনমাটিত হোৱা ভূমিস্খলনৰ ফলত এজন লোকে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয়। নুনমাটিৰ ভবানীপুৰৰ মহাদেৱ পথত সংঘটিত হৈছে এই ঘটনা।
 
 
ভূমিস্খলনত কৰুণ মৃত্যুক সাৱটি লোৱা লোকজন প্ৰকাশ ডেকা বুলি চিনাক্ত কৰিছে। ৰাজ্যত মঙলবাৰৰ পৰা পুনৰ হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ লগতে আন কেইবাটাও অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে।
 
উল্লেখ্য যে যোৱা ১৪ জুনত গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিজৰাপাৰত সংঘটিত ভয়ংকৰ ভূমিস্খনলৰ ফলত ৪ গৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল।নেৰানেপেৰা বৰষুৰ ফলত ঢিলা হৈ পৰা পাহাৰৰ মাটি খহি আহি শ্ৰমিক কেইজনে আশ্ৰয় গ্ৰহণ কৰি থকা ঘৰটো হেঁচা মাৰি ধৰাত মাটিৰ মাজত আৱদ্ধ হৈ তেওঁলোকৰ মৃত্যু হৈছিল।
বৰাগাঁৱৰ বাহিৰেও গীতানগৰ, চান্দমাৰী, বামুণীমৈদাম, জ্যোতিনগৰ, নৱগ্ৰহ আদি অঞ্চলত সঘনাই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে।


শেহতীয়া খবৰ