গুৱাহাটী
বুধবাৰে খাছী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিক লৈ উত্তপ্ত হৈ পৰিছে শ্বিলং। এই ঘটনাৰ পাছতে আৰক্ষীয়ে KSU ৩গৰাকী শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা নেতাকেইজন হৈছে KSUৰ সভাপতি ৰেমন খাৰজানা, উপ-সভাপতি পিনকমেনলাং ছানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাজিয়াৰ।
ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন, সাধাৰণ নাগৰিকক আক্ৰমণ আৰু অন্যান্য অভিযোগত তিনিওজনক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৩ নেতাৰ বিৰুদ্ধে।
অসম তথা অসমৰ জৰিয়তে অহা দেশ-বিদেশৰ পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল। প্ৰতি বছৰে অসমৰ পৰ্যটকসকলে মেঘালয়ৰ অৰ্থনীতিলৈ বুজন পৰিমাণৰ ৰাজহ যোগান ধৰি অহাৰ পিছতো, ৰাজ্যখনত বাৰম্বাৰ অসমৰ বাহন আৰু চালকসকল আক্ৰমণৰ বলি হ’বলগা হোৱাত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। অসম টেক্সি চালক সন্থাই এই সন্দৰ্ভত মেঘালয় চৰকাৰ আৰু স্থানীয় দল-সংগঠনসমূহক তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
আনহাতে, অসম টেক্সি চালক সন্থায়ো অসমৰ বাহনত আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্ত বাহনসমূহক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে সন্থাই। লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে এই ঘটনাৰ বাবে ক্ষমা খোজাৰ দাবীও উত্থাপন কৰিছে অসম টেক্সি চালক সন্থাই। দাবী পূৰণ নকৰিলে মেঘালয়ৰ বাহনৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ গঢ়ি তোলাৰ হুংকাৰ দিছে সন্থাই।
অসম টেক্সি চালক সন্থাই দাবী কৰিছে কৰিছে যে- অসমৰ পৰা যোৱা শ শ পৰ্যটক আৰু বাণিজ্যিক বাহনে মেঘালয়ৰ পৰ্যটন উদ্যোগটোক জীয়াই ৰাখিছে। তাৰ পিছতো অসমৰ চালক আৰু পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰাত মেঘালয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।
মেঘালয়ৰ স্থানীয় টেক্সি চালক সন্থাসমূহে অসম বা বাহিৰৰ পৰিয়াটক কঢ়িওৱা বাণিজ্যিক বাহনসমূহক ৰাজ্যখনৰ অন্তৰ্গত পৰ্যটন স্থানসমূহলৈ যোৱাত প্ৰতিবন্ধকতা আৰোপ কৰিছে। ইয়াৰ ফলত স্থানীয় চালকৰ সৈতে সংঘাত আৰু অপ্ৰীতিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইপিনে,মেঘালয়ত অসমৰ বাহনত চলোৱা আক্ৰমণ আৰু হাৰাশাস্তিৰ প্ৰতিবাদত খানাপাৰা আৰু যোৰাবাট সীমান্তত অসমৰ চালকসকলে মেঘালয়মুখী বাহন স্তব্ধ কৰি দিয়ে। "অসমৰ পৰ্যটকৰ টকাৰে ৰাজহ সংগ্ৰহ কৰাৰ পিছতো তেওঁলোকৰ সুৰক্ষা কিয় অনিশ্চিত?" এই প্ৰশ্নেৰে অসমৰ টেক্সি চালক সন্থাই মেঘালয় প্ৰশাসনক জবাবদিহি কৰিছে।
উল্লেখযোগ্য যে, দুয়োখন ৰাজ্যৰ পৰিবহন বিভাগ আৰু আৰক্ষীয়ে আন্তঃৰাজ্যিক যাতায়াত সূচাৰুৰূপে চলাবলৈ আৰু পৰ্যটকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ শীঘ্ৰেই এক স্থায়ী আইনী ব্যৱস্থা গ্ৰহণ কৰাতো জৰুৰী হৈ পৰিছে।