শ্বিলং
ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হানিমুনত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত দেশজুৰি চৰ্চা লাভ কৰা মেঘালয়ৰ ৱেইছ’ডং জলপ্ৰপাত আৰু ৰিয়াট আৰ্লিয়াঙ সম্প্ৰতি পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। পৰ্যটনৰ বাবে জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰে কঠোৰ নিৰীক্ষণ আৰু সুৰক্ষাৰ নিৰ্দেশনা বলৱৎ কৰিব।
অতিৰিক্ত উপাযুক্ত এম এ চালামে মাউফু, উমব্লাই, লাইটডুহ আৰু লাইটলিণ্ডপৰ গাঁওবুঢ়াসকলৰ সৈতে সাক্ষাৎ কৰাৰ পিছত আনুষ্ঠানিক আদেশ জাৰি কৰা হয়। এই নিৰ্দেশৰ অধীনত লাইটডুহ গাঁৱে ৱেইছাৱডং জলপ্ৰপাতত পৰ্যটন কাৰ্য্যকলাপ পৰিচালনা কৰিব। আনহাতে উম্বলাই গাঁৱৰ অন্তৰ্গত ৰিয়াট আৰ্লিয়াং পাৰ্কিং লট পৰ্যটকৰ বাহনৰ বাবে উপলব্ধ থাকিব। যিকোনো ব্যক্তিয়ে আইনখন নিজৰ হাতত ল’বলৈ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিয়ে।
চলিত সপ্তাহৰ আৰম্ভণিতে মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত ৭৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ১১ মে’ত সোণম ৰঘুবংশী (২৫)ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কিছু সময়ৰ পিছতে নিৰুদ্দেশ হৈছিল ৰাজা ৰঘুবংশী (২৯)। পিছত ২ জুনত ৱেইছাৱডং জলপ্ৰপাতৰ সমীপত তেওঁৰ পচি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল।
তদন্তত প্ৰকাশ পাইছে যে, সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই হত্যাকাণ্ড সংঘটিত কৰিবলৈ প্ৰায় ২০ লাখ টকা দি তিনিজন ঠিকাভিত্তিক হত্যাকাৰী — আকাশ ৰাজপুত, বিশাল চৌহান আৰু আনন্দ কুৰ্মীক নিযুক্তি দিছিল বুলি অভিযোগ উঠিছে। ৫ অভিযুক্ত— সোনম, ৰাজ কুশৱাহা, বিশাল চৌহান, আকাশ ৰাজপুত, আৰু আনন্দ কুৰ্মীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সন্হিতা (বিএনএছ), ২০২৩ৰ ধাৰা ১০৩(১), ২৩৮(ক), আৰু ৬১(২)ৰ অধীনত হত্যা, প্ৰমাণ ধ্বংস, আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ মতে, ৩০ মে’ত জলপ্ৰপাতটোৰ ওচৰত ৰাজাক আক্ৰমণ কৰি দ' খাৱৈত পেলাই দিয়া হৈছিল আৰু পলায়নৰ পূৰ্বে সোণমে আক্ৰমণৰ সাক্ষী হোৱাৰ অভিযোগ উঠিছে। পিছত প্ৰেমিক আৰু ভাড়াতীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৮ জুনত সোণমে উত্তৰ প্ৰদেশত আত্মসমৰ্পণ কৰে।