গুৱাহাটী
শীতৰ আগমনৰ লগে লগে প্রাকৃতিক সৌন্দর্যৰ থলী মাজুলী এতিয়া বিবিধ পক্ষীৰ কোৰালেৰে মুখৰ হৈ আছে। বিশেষকৈ উজনি মাজুলী শ্ৰীৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰ, বঙালী বাহাৰ গাওঁ, ঐতিহাসিক নৰসিংহ সত্ৰৰ সমীপত অৱস্থিত এখন ঐতিহাসিক চৰাইচোঙত পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰিছে।
আহোম ৰজাৰ দিনত অসমৰ ৰাজকীয় পক্ষী উদ্যান হিচাপে আছিল চৰাইচোং। আঘোণৰ প্রথম সময়ছোৱাতেই পৰিভ্ৰমী চৰাইবোৰ এই চৰাইচোঙত থিতাপি লয়। আহোম ৰাজত্বৰ সময়ত শ শ বিঘা ভূমিৰে আবৃত এই চোৰাইচোং এটা জলাশয় যদিও বর্তমান জনবসতি বৃদ্ধি পাই অহাৰ লগে লগে ইয়াৰ ভৌগোলিক পৰিসীমা কিছু পৰিমাণে হ্রাস পোৱা পৰিলক্ষিত হৈছে। তথাপিও চোৰাইচোং জলাশয়ত পক্ষীৰ বিচৰণৰ সৌন্দর্য হ্রাস পোৱা নাই।
মাজুলীৰ ঐতিহ্যৰ অন্যতম আধাৰ স্বৰূপ এই চৰাইচোঙক সুৰক্ষিত কৰাৰ বাবে স্থানীয় গাঁওবাসীয়ে বিভিন্ন ধৰনৰ পদক্ষেপ গ্ৰহন কৰি আহিছে। মাজুলীলৈ অহা পৰিভ্ৰমী পক্ষীবোৰ যাতে কোনো দুষ্কৃতিকাৰীৰ আক্রমন লক্ষ্য হ'ব নহয় তাৰ প্রতি লক্ষ্য ৰাখি সকলো ব্যবস্থা গঢ়ি তুলিবলৈ প্রকৃতিয়েমী সংগঠন তথা সচেতন মহলে আহ্বান জনাইছে।
তদুপৰি, মাজুলীৰ বিভিন্ন পুখুৰী, জলাশয়, নৈ আদিত বিশ্বৰ বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী পক্ষী আহি মাজুলীক ভূ-স্বৰ্গত পৰিণত কৰিছে। মাজুলীৰ কুমলীয়া চাপৰি, ভকত চাপৰি, দৰবাৰ চাপৰি, জেংৰাইমুখ থেকটীয়া নৈৰ পাৰ, পূব মাজুলীৰ মাগুৰ মৰা, উজনিৰ ভকতি বিল, দক্ষিণপাট বৰপাচী, বৰখোৱাবাৰী, গৰৈমাৰী, টুনিকে আদি কৰি জলাশয়সমূহত ছাইবেৰিয়াৰ পৰা অহা পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰাৰ নান্দনিক দৃশ্য পৰিলক্ষিত হৈছে।