মদিনাৰ ইমাম আহিব বুলি লাখ লাখ টকা সংগ্রহ

Story by  atv | Posted by  [email protected] • 4 Years ago
মদিনাৰ ইমাম আহিব বুলি লাখ লাখ টকা সংগ্রহ
মদিনাৰ ইমাম আহিব বুলি লাখ লাখ টকা সংগ্রহ
জুৰীয়া

বিশ্ব শান্তিৰ নামত শুকুৰবাৰে নগাঁও জিলাৰ জুৰীয়াত আয়োজন কৰা শুকুৰবৰীয়া জুম্মাৰ নামাজৰ বাবে যি গৰাকী ইমাম ছৌডি আৰবৰ মদিনাৰ পৰা অহা বুলি আয়োজক সমিতিয়ে প্ৰচাৰ চলাইছিল সেইগৰাকী প্ৰকৃততে মদিনাৰ ইমাম নাছিল বুলি তথ্য পোহৰলৈ আহিছে। এই কথা ইতিমধ্যে বহু লোকে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। 

ইপিনে জুৰীয়া বজাৰৰ সমীপৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা জুম্মাৰ নামাজ আৰু বিশ্ব শান্তিৰ বাবে আয়োজন কৰা প্ৰাৰ্থনা সভাত সময়মতে উপস্থিত নথকা ইমাম গৰাকীয়ে সন্ধিয়া কিছু গাঁও জাম্মে মছজিদত ইশ্বাৰ নামাজত অংশ গ্ৰহণ কৰিছে। 

নামাজত তেওঁ অতি বিসংগতিপূর্ণভাৱে আদায় কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। কাৰণ ধৰ্মীয় নীতি অনুসৰি এগৰাকী দূৰণিবটীয়া ভ্ৰমণকাৰীয়ে নিশাৰ ইশ্বাৰ নামাজ দুই ৰাকেত পঢ়িব লাগে যদিও বিতর্কিত ইমাম গৰাকীয়ে চাৰি ৰাকেত সম্পন্ন কৰিছে। তদুপৰি  নামাজৰ পূৰ্বে কৰা অজুও আছিল বিসংগতিপূর্ণ। এই খবৰ বিয়পি পৰাৰ পিচত অঞ্চলজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

 
 
ইতিমধ্যে সংশ্লিষ্ট মছজিদ কমিটীক ৰাজ্যৰ আগশাৰীৰ ধৰ্মীয় শিক্ষানুষ্ঠান পৰমাইভেটি দাৰুল হদিচ ইছলামীয়া মাদ্ৰাছাই এনে বিতর্কিত নামাজৰ বাবে কৈফিয়ৎ তলব কৰি দুদিনৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে বুলি জনায় মুফতি ফকৰুল ইছলামে। 

ইপিনে ৰহস্যজনকভাৱে মদিনাৰ ইমাম আনি শুকুৰবৰীয়া নামাজ অনুষ্ঠিত কৰিবলৈ জুৰীয়াৰ ধিং তালিমূল কোৰাআন হাফিজীয়া আৰু  ইছলামীয়া মিছন মাদ্ৰাছা নামৰ এটা অখ্যাত অনুষ্ঠানে প্রথমে স্থানীয় দগাঁও খেলপথাৰত স্থান নিৰ্ধাৰণ কৰিছিল, যদিও স্থানীয় ৰাইজে বাধা দিয়াত জুৰীয়াৰ একাংশ নেতাৰ শৰণাপন্ন হৈ জুৰীয়াত অনুষ্ঠানটো আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল।

মূল উদ্যোক্তা অনুষ্ঠান মিছন মাদ্রাছা সমিতিৰ নেতৃত্ব লোৱা আঁৰৰ ব্যক্তিসকল আছিল ফকৰুল ইছলাম, আশ্বাদ আলী, ফজল আলী, আনজাৰ, মোফাজ্জল। একেটা পৰিয়ালৰ এই লোককেইজনে জুৰীয়াৰ এটা চক্ৰৰ সৈতে জড়িত হৈ জুম্মাৰ নামাজত মদিনাৰ ইমামে অংশগ্ৰহণ কৰিব বুলি ভুৱা প্ৰচাৰ চলাই লাখ লাখ টকা সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। 

ইতিমধ্যে উদ্যোক্তা সমিতিৰ অন্যতম সদস্য ৰফিকুল ইছলামক আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইপিনে জুম্মাৰ নামাজ অনুষ্ঠান আয়োজন কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা আমন্ত্ৰণীপত্ৰত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ নাম পৃষ্ঠপোষকৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে উদ্যোক্তা সমিতিৰ বিৰুদ্ধে তেওঁ জুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। বিধায়কগৰাকীক নজনোৱাকৈয়ে তেওঁৰ নাম আমন্ত্ৰণীপত্ৰত পৃষ্ঠপোষক হিচাপে অন্তৰ্ভুক্ত কৰাৰ অভিযোগ কৰিছে। 

ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি সৰ্বসাধাৰণ ৰাইজক জুম্মাৰ নামাজৰ নামত প্ৰতাৰণা কৰা চক্ৰটোক গ্ৰেপ্তাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।