দেশৰ ৰাজনীতিত আটাইতকৈ দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; বিভিন্ন দেশৰ পৰা শুভেচ্ছা বাৰ্তা

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
ভাৰতৰ ৰাজনীতিত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা। ব্যস্ততাৰ মাজতো মোদীয়ে শুভেচ্ছা জনোৱা বিশ্বৰ প্ৰভাৱশালী নেতাসকলক সামাজিক মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে।
 
উল্লেখযোগ্য যে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে সামাজিক মাধ্যম যোগে মোদীক অভিনন্দন জনাই ৰোমৰ শেহতীয়া বৈঠকৰ কথা স্মৰণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰত-ইটালীৰ বিশেষ কৌশলগত অংশীদাৰিত্বক দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে অধিক আগুৱাই লৈ যাবলৈ তেওঁ আশাবাদী।
 
একেদৰে মংগোলিয়াৰ ৰাষ্ট্ৰপতি উখনাগিন খুৰেলছুখে প্ৰধানমন্ত্ৰী মোদীক এগৰাকী প্ৰিয় বন্ধু বুলি সম্বোধন কৰে। এই ঐতিহাসিক সাফল্যক তেওঁৰ নেতৃত্বৰ প্ৰতি ভাৰতীয় ৰাইজৰ অদম্য আস্থাৰ প্ৰমাণ বুলি অভিহিত কৰে। মোদীয়ে মংগোলিয়াৰ সৈতে থকা গভীৰ ঐতিহাসিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
 
আনহাতে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' কষ্টাৰ শুভেচ্ছাৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ইউৰোপীয় ইউনিয়নৰ সৈতে থকা কৌশলগত সম্পৰ্কক যথেষ্ট গুৰুত্ব দিয়ে। কষ্টাই মোদীৰ দূৰদৰ্শী নেতৃত্বত ইউৰোপীয় ইউনিয়ন আৰু ভাৰতৰ সম্পৰ্ক বৰ্তমান আটাইতকৈ শক্তিশালী বুলি উল্লেখ কৰে।
 
তাৰোপৰি, কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে মোদীৰ এই যাত্ৰাক সমগ্ৰ বিশ্বৰ বাবে উৎসৰ্গিত জনসেৱা আৰু অধ্যৱসায়ৰ এক উৎকৃষ্ট উদাহৰণ বুলি বৰ্ণনা কৰে। মোদীয়ে কেনিয়াৰ সৈতে থকা ঐতিহাসিক বন্ধুত্বক মূল্যৱান বুলি অভিহিত কৰে।
 
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা ডিছানায়েকে জনোৱা শুভেচ্ছাৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে দুই দেশৰ বহুমুখী অংশীদাৰিত্বক আগুৱাই নিবলৈ ভাৰত সদায় দায়বদ্ধ বুলি পুনৰ দোহাৰে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমেও মোদীৰ এই সফলতাক ভাৰতৰ বিশ্বজনীন মৰ্যাদা বৃদ্ধিৰ এক অন্যতম কাৰক বুলি প্ৰশংসা কৰে।
 
নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বলা আহমেদ টিনুবুৱে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে জনসাধাৰণে মোদীৰ ওপৰত ৰখা বিশ্বাসক প্ৰশংসা কৰে। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু নাইজেৰিয়াই একেলগে দুয়োখন দেশৰ উন্নতিৰ লগতে 'গ্লবেল চাউথ' অৰ্থাৎ গোলকীয় দক্ষিণৰ দেশসমূহৰ প্ৰগতি আৰু বিকাশৰ বাবে কাম কৰি যাব।
 
এনদৰে বহুকেইখন ৰাষ্ট্ৰৰ মুৰব্বীসকলে জনোৱা শুভেচ্ছাৰ প্ৰতি মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে।