গুৱাহাটী
অসম চৰকাৰে মিছন বসুন্ধৰা ২.০ আঁচনিৰ আবেদন প্র পত্ৰ দাখিলৰ সময়সীমা অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। বুধবাৰে অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।
বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ ভূমি সম্পর্কীয় সকলো সমস্যা সমাধানৰ বাবে মিছন বসুন্ধৰা নামৰ আঁচনি প্ৰৱৰ্তন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যেতিয়ালৈ ভূমি সম্পৰ্কীয় সমস্যা সমাধান নহ'ব, তেতিয়ালৈকে মিছন বসুন্ধৰা চলি থাকিব।
চৰকাৰে সম্প্ৰতি মিছন বসুন্ধৰা ২.০ ৰূপায়ণ কৰিবলৈ ওলাইছে। ইয়াৰ বাবে অহা ১০ জানুৱাৰীৰ ভিতৰত আবেদন প্ৰ-পত্র দাখিলৰ বাবে চৰকাৰে সময়সীমা বান্ধি দিছিল। আজি সদনত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সুবিধার্থে আবেদন প্র পত্ৰ দাখিলৰ সময়সীমা অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা বুলি উল্লেখ কৰে।