সম্প্ৰীতিৰ স্বাৰ্থত গো-কোৰবানী বন্ধ কৰিবলৈ মুকলি আহ্বান 'নেমছু'ৰ

Story by  atv | Posted by  [email protected] • 57 m ago
সম্প্ৰীতিৰ স্বাৰ্থত গো-কোৰবানী বন্ধ কৰিবলৈ মুকলি আহ্বান 'নেমছু'ৰ
সম্প্ৰীতিৰ স্বাৰ্থত গো-কোৰবানী বন্ধ কৰিবলৈ মুকলি আহ্বান 'নেমছু'ৰ
 
গুৱাহাটী
 
অহা ২৮ মে'ত ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ-উল-জাহা। ধৰ্মীয় পৰম্পৰা অনুসৰি এই ঈদত পোহনীয়া জন্তু কোৰবানী দিয়াৰ নিয়ম যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে। কিন্তু চলিত বৰ্ষৰ এই ঈদৰ প্ৰাকমুহূৰ্তত অসমৰ সামাজিক তথা ধৰ্মীয় সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত এক বিশেষ গুৰুত্বপূৰ্ণ আহ্বান জনাইছে উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সংগঠন নেমচুৱে।
 
সংগঠনটোৱে এইবেলি ঈদত গৰু কুৰবানী দিয়া কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ ইছলাম ধৰ্মীয় লোকসকলক মুকলি আহ্বান জনাইছে।
 
নেমছুৰ সভাপতি বদৰুল ইছলামে উল্লেখ কৰে যে-অসমৰ সংখ্যাগুৰু হিন্দু ধৰ্মীয় লোকসকলে 'গো-মাতা'ক পবিত্ৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰে। ইয়াৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দীৰ্ঘদিন ধৰি অসমৰ সমাজ ব্যৱস্থাত শান্তি আৰু সমন্বয় বৰ্তাই ৰাখিবলৈ বিভিন্ন মঞ্চৰ পৰা গো-মাংস ভক্ষণ আৰু গো-কোৰবানী ত্যাগ কৰাৰ কথা কৈ আহিছে।
 
গতিকে, অসমৰ সমাজখনত যুগ যুগ ধৰি চলি অহা হিন্দু-মুছলমানৰ ঐক্য, ভাতৃত্ববোধ আৰু আন্তঃধৰ্মীয় সম্প্ৰীতি অধিক কটকটীয়া কৰাৰ স্বাৰ্থত মুছলমান সমাজে এইবেলি গো-কুৰবাণীৰ পৰা বিৰত থকা উচিত।
 
উল্লেখযোগ্য যে, ছাত্ৰ সংগঠনটোৰ সভাপতিগৰাকীয়ে স্পষ্টকৈ কয় যে, কোৰবানী ঈদৰ মূল তাৎপৰ্য হৈছে ত্যাগ। গতিকে গৰুৰ পৰিৱৰ্তে আন বৈকল্পিক পোহনীয়া জন্তু কোৰবানী দিয়াৰ সুযোগ আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও গো-কোৰবানী বন্ধ কৰিলে বা গো-মাংস ভক্ষণ নকৰিলে ইছলাম ধৰ্মীয় লোকসকলৰ কোনো ধৰণৰ ধৰ্মীয় ক্ষতি নহয় বুলি তেওঁ দাবী কৰে। বৰঞ্চ এই ত্যাগে সমাজত আন এক ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব।