নতুন দিল্লী
শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক অধিসূচনাত ২৩ জন সন্ত্ৰাসবাদীৰ তালিকা প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদীসকলক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত তালিকাভুক্ত কৰা হৈছে।
গৃহ মন্ত্ৰণালয়ে এই ২৩ জন সন্ত্ৰাসবাদীক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ চতুৰ্থ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কথাও প্ৰকাশ পাইছে। এই তালিকাত থকা সন্ত্ৰাসবাদীসকল জৈছ-ই-মহম্মদ (JeM), লস্কৰ-ই-তৈবাৰ (LeT) আৰু অন্যান্য সংগঠনৰ সৈতে জড়িত। এই সন্ত্ৰাসবাদীসকল পাকিস্তান বা পাকিস্তানৰ দখলত থকা কাশ্মীৰত বাস কৰি আছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA), ১৯৬৭ (১৯৬৭ চনৰ ৩৭ নং ধাৰাত) কেন্দ্ৰীয় চৰকাৰে কোনো ব্যক্তিক সন্ত্ৰাসবাদৰ সৈতে জড়িত বুলি গম পালে বা ব্যক্তিজনৰ বিৰুদ্ধে তেনে কোনো তথ্য লাভ কৰিলে তেওঁক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব৷
সন্ত্ৰাসবাদীক তালিকাত কোনো ব্যক্তি অন্তৰ্ভুক্ত হ’লে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (NIA) তেওঁলোকৰ বিত্তীয় ব্যৱস্থা সকলো বন্ধ কৰিব পাৰে৷ লগতে তেনে লোকক অস্ত্ৰ বিক্ৰীত বাধা আৰোপ কৰিব পাৰে আৰু তেওঁলোকৰ সম্পত্তি জব্দ কৰিব পাৰে।
২০১৯ চনত সন্ত্ৰাসবাদ বিৰোধী আইন সংশোধন কৰি ব্যক্তিগত সন্ত্ৰাসবাদীক তালিকাত অন্তৰ্ভুক্ত কৰা হয়। সংশোধনীৰ পূৰ্বে কেৱল সংগঠনসমূহকহে সন্ত্ৰাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰিব পৰা গ’ল। শনিবাৰে জম্মু-কাশ্মীৰৰ নিৰাপত্তা বাহিনীত আক্ৰমণৰ লগত জড়িত পাকিস্তান ভিত্তিক ২৩ জন সন্ত্ৰাসবাদীক এই তালিকাত সংযুক্ত কৰা হৈছে৷ ইয়াৰ লগে লগে মুঠ সন্ত্ৰাসবাদীৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পালে।
ইয়াৰোপৰি জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী মাছুদ ইলিয়াছ কাশ্মীৰী, মহম্মদ মুছাদিক ওৰফে ডাক্তৰ, মুফতি মহম্মদ আছঘৰ খান ওৰফে আবু সাদ, হাফিজ আব্দুল ছাকুৰ ওৰফে কাৰি জৰাৰ, আব্দুল্লা জেহাদী, গুলাম ফৰিদ, মৌলানা ইমদাদুল্লাহ মক্কি আৰু ৱাছিম নূৰ জাটকো কেন্দ্ৰই এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী ফিৰদৌছ আহমেদ ভাট, হাৰুণ ৰছিদ গনাই, বিলাল আহমেদ মিৰ, আবিদ কায়ুম ল’ন নাজিৰ আহমেদ গুজ্জাৰ, আব্দুল ৰৌফ ওৰফে হাফিজ আব্দুল ৰৌফ, আছফাক আহমেদ, হাফিজ খালিদ ৱালিদ, মৌলানা ছাইফুল্লাহ খালিদ, মহম্মদ ইয়াকুব, মৌলানা ইউছুফ তায়েবী, ওৱাইছ ফাৰুক, কাৰি ইয়াকুব শ্বেখ, ৰানা ইফতিখাৰ, মহম্মদ শ্বাহিদ ফৈছালকো (যি আল কায়দা আৰু আইএছআইএছআই'ৰ সৈতেও জড়িত) এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।