গুৱাহাটী
বৰঝাৰ বিমানবন্দৰত আৰম্ভ হৈছে অসমীয়া ভাষাত ঘোষণা দিয়া প্ৰক্ৰিয়া। বিষয়টোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ ২ নম্বৰ টাৰ্মিনেলত অসমীয়া ভাষাত যাত্ৰীসকলক উদ্দেশ্যি ঘোষণা আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে, অসামৰিক পৰিবহণ বিভাগৰ নিগমৰ নিয়ম অমান্য কৰি বৰঝাৰ বিমানবন্দৰত ৰহস্যজনকভাৱে হিন্দী আৰু ইংৰাজীত যাত্ৰীসকলৰ বাবে ঘোষণা দিছিল যদিও অসমীয়া ভাষাত এই কাম কৰা নাছিল। বিষয়টো দৃষ্টিগোচৰ কৰি বিশিষ্ট সাহিত্যিক কুল শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে বিমানবন্দৰ কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।
ইয়াকে কেন্দ্ৰ কৰি বৰঝাৰ বিমানবন্দৰত অসমীয়া ভাষাক অৱহেলা কৰাৰ বিৰুদ্ধে সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল টি ২ত অসমীয়া ভাষাত ঘোষণা আৰম্ভ হয়।