গুৱাহাটী
আজিৰেপৰা আৰম্ভ হৈছে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন৷ আনহাতে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ তৃতীয় আৰু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ এইখন হৈছে প্ৰথম অধিৱেশন।
অধিৱেশনৰ আৰম্ভণিতে অসম বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱ-নিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ৷ বিধায়ক হিচাপে প্ৰথমে শপত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছত চাৰিগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।
ইয়াৰ পিছত ষষ্ঠদশ অসম বিধানসভাৰ স্থায়ী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় বিধায়ক ৰণজিৎ কুমাৰ দাস । তেওঁ পৰৱৰ্তী সময়ত বিধানসভাৰ কাৰ্যসূচী পৰিচালনা কৰে।
উল্লেখ্য যে ১২৬ জনীয়া অসম বিধানসভাৰ ১২৫ গৰাকী বিধায়কে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে । বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসুস্থতাৰ বাবে শপত গ্ৰহণ কৰিব নোৱাৰিলে । পৰৱৰ্তী সময়ত তেওঁক বিধানসভাৰ অধ্যক্ষই শপত গ্ৰহণ কৰাব।
উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যপাল প্ৰফেছ'ৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিধানসভাত ভাষণ প্ৰদান কৰিব৷ আনহাতে, ইতিমধ্যে কেবিনেটত গৃহীত হোৱা উমৈহতীয়া দেৱানী বিধি (Uniform Civil Code) অধিৱেশনৰ অন্তিমদিনা সদনৰ মজিয়াত উত্থাপন কৰা হ’ব৷
উল্লেখ্য যে এইবাৰ বিধানসভাত এনডিএৰ ১০২, কংগ্ৰেছৰ ১৯, ৰাইজৰ দলৰ ২, এআইইউডিএফ ২ আৰু তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়ক আছে।
১২৫ গৰাকী বিধায়কৰ ভিতৰত অসমীয়াৰ উপৰি কেইবাগৰাকীও বিধায়কে সংস্কৃত, বড়ো, বাংলা, হিন্দী আদি ভাষাতো শপত গ্ৰহণ কৰে।