নতুন দিল্লী
বুধবাৰে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে, “গণহত্যাৰ কাৰ্য্যৰ ‘দীৰ্ঘদিনীয়া কলংকিত’ অভিলেখৰ এনে এটা আৰ্হি প্ৰকাশ কৰিছে, য’ত পাকিস্তান, নিজৰ সীমাৰ ভিতৰত আৰু বাহিৰত হিংসাৰ জৰিয়তে নিজৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ দোষ আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে।” ভাৰতৰ এই বক্তব্য ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সশস্ত্ৰ সংঘাতত সাধাৰণ নাগৰিকৰ সুৰক্ষা সম্পৰ্কীয় বাৰ্ষিক মুকলি বিতৰ্কৰ সময়ত প্ৰকাশ কৰা হৈছে।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পৰ্বথানেনীয়ে এই মন্তব্যটো তেতিয়া দিছিল, যেতিয়া পাকিস্তানী প্ৰতিনিধিয়ে বিতৰ্কৰ সময়ত জম্মু-কাশ্মীৰৰ কথা উল্লেখ কৰিছিল।
হৰিশ পৰ্বথানেনীয়ে কয় যে, এইটো বিদ্ৰুপৰ কথা যে পাকিস্তানে এনে বিষয় উত্থাপন কৰিবলৈ বাছি লৈছে,যিটো সম্পূৰ্ণ ভাৰতৰ আভ্যন্তৰীণ বিষয়।”
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে আফগানিস্তানত পাকিস্তানে কৰা আক্ৰমণৰ কথা উল্লেখ কৰি ভাৰতৰ প্ৰতিনিধি পৰ্বথানেনীয়ে কয় যে: “ বিশ্বই এইটো পাহৰা নাই যে,এই বছৰৰ মাৰ্চ মাহত পবিত্ৰ ৰমজান মাহৰ সময়ত পাকিস্তানে কাবুলত ‘উমিদ নিচা চিকিৎসা চিকিৎসালয়’ত বৰ্বৰ বিমান আক্ৰমণ সংঘটিত কৰিছিল।”