গুৱাহাটী
ৰাজ্যত ২০২৭ চনৰ লোকপিয়লৰ স্ব-গণনা পৰ্যায় ইতিমধ্যে সফলভাৱে সমাপ্ত হৈছে। ২ আগষ্টৰ পৰা আৰম্ভ হৈ ১৬ আগষ্টত সমাপ্ত হোৱা এই প্ৰক্ৰিয়াত ১১,৬৪,৫৮৬টা পৰিয়ালে এই স্ব-গণনা সফলভাৱে সম্পূৰ্ণ কৰিলে ৷ লোকপিয়ল অভিযানৰ বিষয়া বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰিছে এই কথা৷
এখন সংবাদমেল সম্বোধন কৰি লোকপিয়ল অভিযানৰ সঞ্চালক বিশ্বজিৎ পেগুৱে এই অনুশীলন সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ স্ব-গণনাৰ সময়ছোৱাত বাসিন্দাসকলক অংশগ্ৰহণ আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে বৰাক উপত্যকাৰ কাছাৰ, শ্ৰীভূমি আৰু কোকৰাঝাৰ জিলাই স্ব-গণনাত শীৰ্ষ তিনিখন জিলা হিচাপে আত্মপ্ৰকাশ কৰিছে।
তেওঁ কয় যে সোমবাৰৰ পৰা গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু ১৫ ছেপ্টেম্বৰলৈকে প্ৰশিক্ষিত গণনাকাৰীসকলে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব। লোকপিয়ল ২০২৭ ভাৰতৰ প্ৰথম ডিজিটেল ৰূপৰ লোকপিয়ল হোৱাৰ লগতে গৃহ তালিকাভুক্তি আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ কাৰ্যত প্ৰায় ৭০ হাজাৰৰো অধিক গণনাকাৰী বিষয়াক নিয়োগ কৰা হৈছে।
পেগুৱে দৃঢ়তাৰে কয় যে ‘ন’ অমিছন, ন’ ডুপ্লিকেচন’ৰ লোকপিয়লৰ নীতি কঠোৰভাৱে বজাই ৰখা হ’ব, আৰু সংগ্ৰহ কৰা তথ্যৰ সম্পূৰ্ণ গোপনীয়তা নিশ্চিত কৰা হ’ব। তেওঁ লগতে কয় যে লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্য ১৯৪৮ চনৰ লোকপিয়ল আইন অনুসৰি আদালতত প্ৰমাণ হিচাপে গ্ৰহণযোগ্য নহয়।
২০২৭ চনৰ লোকপিয়লৰ ৰাজ্যিক ন’ডেল বিষয়া তথা অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব পাৰ্থ পেগুৱেও সংবাদমেলত অংশগ্ৰহণ কৰে। ঘৰে ঘৰে কাম আৰম্ভ হোৱাৰ লগে লগে জনসাধাৰণৰ সহযোগিতা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে, পেগুৱে ৰাইজক তেওঁলোকৰ ঘৰলৈ অহা কৰ্মীসকলক সঠিক তথ্য প্ৰদানৰ দ্বাৰা সহযোগিতা কৰি ৰাজ্যত ২০২৭ চনৰ লোকপিয়ল সফলতাৰে পৰিচালনা কৰাত সহায় কৰিবলৈ আহ্বান জনায়।