জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যিক কাব্যঋষি নীলমণি ফুকন আৰু নাই

Story by  atv | Posted by  [email protected] • 2 Years ago
কাব্যঋষি নীলমণি ফুকন
কাব্যঋষি নীলমণি ফুকন
গুৱাহাটী

অনবদ্য সৃষ্টিৰে অসমীয়া কবিতাক বিশ্বজনীন কৰি তোলা বিশিষ্ট কবি নীলমণি ফুকন আৰু নাই। জ্ঞানপীঠ বঁটাবিজয়ী প্ৰখ্যাত সাহিত্যিকজনে আজি পুৱা প্ৰায় ১১.৫৫ বজাত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে।জি এম চি এইচৰ অধ্যক্ষ অচ্যুত কুমাৰ বৈশ্যই জানিবলৈ দিয়া অনুসৰি, নীলমণি ফুকনক সংকটজনক অৱস্থাত যোৱা নিশা মালিগাঁওৰ সঞ্জীৱনী হস্পিতালৰ পৰা জি এম চি এইচলৈ স্থানান্তৰ কৰা হৈছিল।
 
ইতিমধ্যে বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট কবিগৰাকীয়ে আজি পুৱা প্ৰায় ১১ বজাত হৃদৰোগত আক্ৰান্ত হয় বুলি উল্লেখ কৰি বৈশ্যই কয় যে জি এম চি এইচৰ এটা চিকিৎসকৰ দলে তেওঁক জীৱন উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই যদিও ১১.৫৫ বজাত কাব্যঋষি নীলমণি ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। 
উল্লেখ্য যে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীৰ পিছত নীলমণি ফুকন  হৈছে অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটাবিজয়ী সাহিত্যিক। অসমীয়া কাব্য-সাহিত্যত ফুকনৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, 'নিৰ্জনতাৰ শব্দ' আৰু ‘গোলাপী জামুৰ লগ্ন’ পাঠক সমাজৰ মাজত অতিকৈ জনপ্ৰিয়।
১০ ছেপ্টেম্বৰ ১৯৩৩ চনত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্ম গ্ৰহণ কৰা নীলমণি ফুকনে ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷
১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা ফুকনে ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল' লাভ কৰে৷ তদুপৰি, কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰিছিল ৷
 
১৯৬৪ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰা ফুকনে ১৯৯২ চনত চাকৰি জীবনৰ পৰা অৱসৰ লয়। যোৱা বছৰ অসম চৰকাৰে শাৰিৰীক অসুস্থতাত ভুগি থকা ঋষিতুল্য কবিগৰাকীৰ সুবিধাৰ্থে জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান দিল্লীৰ পৰিৱৰ্তে গুৱাহাটীত আয়োজন কৰিছিল।