অপাৰেচন সেন্দুৰত ভাৰতৰ কোনো ক্ষয়-ক্ষতি হোৱা নাইঃ এনএছএ অজিত ডোভালৰ গুৰুত্বপূৰ্ণ মন্তব্য

Story by  atv | Posted by  [email protected] • 6 h ago
এনএছএ অজিত ডোভালৰ
এনএছএ অজিত ডোভালৰ
 
নতুন দিল্লী 

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালে 'অপাৰেচন সেন্দুৰ' সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে এই অভিযানত ভাৰতৰ কোনো লোকচান হোৱা নাই। 
 
ডোভালে স্পষ্টভাৱে কয়, "অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতৰ কোনো ক্ষতি হোৱা নাই, কিন্তু পাকিস্তানৰ ১৩টা এয়াৰবেছৰ ধ্বংসৰ ছবি আপোনালোক সকলোৱে দেখিছে। বিদেশী সংবাদ মাধ্যমত অপাৰেচনৰ বিষয়ে বিভিন্ন কথা কোৱা হৈছে। আমি স্বদেশী অস্ত্ৰৰ ব্যৱহাৰৰ বাবে গৌৰৱান্বিত। আগন্তুক সময়ত আমি আমাৰ স্বদেশী প্ৰযুক্তিৰ আৰু অধিক বিকাশ কৰিব লাগিব।"

তেওঁ পুনৰ কয়, "আমি গৌৰৱান্বিত যে কিছু উন্নত প্ৰণালীয়ে ভাল কাম কৰিছে। সেয়া হৈছে - ব্ৰাহ্মোছ প্ৰণালী, ইণ্টিগ্ৰেটেড এয়াৰ কন্ট্ৰ'ল আৰু কমাণ্ড প্ৰণালী, বা আমাৰ ৰাডাৰ প্ৰণালী। অপাৰেচন সেন্দুৰ-এ আমাৰ দেশীয় প্ৰযুক্তিৰ শক্তি প্ৰদৰ্শন কৰিছে, যিয়ে যুদ্ধক্ষেত্ৰৰ নিৰীক্ষণৰ পৰা শত্ৰুৰ অৱস্থানলৈকে সকলো তথ্য প্ৰদান কৰিছিল।"
 
এন এছ এ ডোভালৰ মতে ভাৰতে পাকিস্তানৰ ভিতৰত ৯টা সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি লৈছিল। এই সকলোবোৰ স্থান সীমান্তৰ বাহিৰে পাকিস্তানৰ গভীৰতাত অৱস্থিত আছিল, যিবোৰ আমি তেওঁলোকৰ পৰাজয়ৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিলো। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ'ত এন এছ এ ডোভালে কৈছে, "আমাৰ এটাও লক্ষ্য বিফল হোৱা নাই। কোনো মিছাইল ভুল ঠাইত পৰা নাই। সকলো আক্ৰমণ সঠিক আৰু সঠিক তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।"
তেওঁ জনায় যে সমগ্ৰ অভিযান নিশা ১.০৫ বজাত আৰম্ভ হৈছিল আৰু ১.২৮ বজাত শেষ হৈছিল। অৰ্থাৎ মাত্ৰ ২৩ মিনিটত সন্ত্ৰাসবাদীৰ শিবিৰৰৰ ওপৰত ভাৰতৰ অভিযান  সম্পূৰ্ণ কৰা হৈছিল।
 
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ডোভলে কয়, "আপোনালোকে মোক এনে এখন ফটো দেখুৱাব পাৰিবনে য'ত ভাৰতৰ কোনো ক্ষতি হৈছে? ছেটেলাইট ইমেজিং সকলোতে আছে, কিন্তু ভাৰতৰ ক্ষতিৰ কোনো ছবি নাই। তাৰ বিপৰীতে, নিউয়ৰ্ক টাইমছৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে পাকিস্তানৰ এয়াৰবেছৰ 'আগৰ আৰু পিছৰ' ছবি প্রকাশ কৰিছে। ইয়াৰ ভিতৰত আছিল পাকিস্তানৰ এ.ডব্লিউ.এ.চি.এছ. (Airborne Warning and Control Systems) থকা সাৰগোধা, ৰহিম য়াৰ খান, চকলালা, ৰাৱালপিণ্ডি আৰু বালৌৰীৰ এয়াৰবেছ।"
 
শেষত ডোভালে কয় যে এই অভিযানে ভাৰতৰ পৰিকল্পনা, নিখুঁততা আৰু স্বদেশী শক্তিৰ এক উদাহৰণ দাঙি ধৰিছে।