গুৱাহাটী
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰে পৰা অৰ্থাৎ ২০২১ চনৰ পৰা অসমত ৩২ হাজাৰৰো অধিক বিদেশী ধৰা পৰিছে আৰু ইয়াৰে এতিয়ালৈকে মাত্ৰ ১,৪১৬ জন বিদেশীক বিতাড়িত কৰা হৈছে বুলি বুধবাৰে বিধানসভাক অৱগত কৰা হয়।
কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ এক প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয় যে ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈ অসমত অবৈধভাৱে থকা মুঠ ৩২,২০৭ জন বিদেশী ধৰা পৰিছে। ইয়াৰে ১৪১৬ জনক অসমৰ পৰা বিতাড়িত কৰা হৈছে বুলিও তেওঁ লগতে কয়।
বছৰেকীয়া বিভাজন দি বৰাই কয় যে ২০২১ চনত ৬,৩০৪, ২০২২ চনত ৮,৭৯০, ২০২৩ চনত ৬,৭০৩, ২০২৪ চনত ৬,১২০ আৰু ২০২৫ চনত ৪,২৯০ বিদেশী ধৰা পৰিছে।
আইনী বিধান অনুসৰি অসমত কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব পাৰে কেৱল বিদেশী ন্যায়াধিকৰণে। তাৰ পাছত ৰায় অনুকূল নহ’লে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰিব।
অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চত বা তাৰ পিছত অসমলৈ অহা সকলো বিদেশীৰ নাম ধৰা পৰিব, নির্বাচনী তালিকাৰ পৰা বাদ পৰিব আৰু বিতাড়নৰ পদক্ষেপ লোৱা হ’ব৷
ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ সন্দৰ্ভত বৰাই কয় যে ধুবুৰী, দক্ষিণ ছালমাৰা-মানকাচৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাত বিস্তৃত চুবুৰীয়া দেশখনৰ সৈতে মুঠ ২৬৭.৫ কিলোমিটাৰ আন্তৰ্জাতিক সীমান্তৰ ভিতৰত ২২৮.৫৪১ কিলোমিটাৰৰ কাম সম্পূৰ্ণ হৈছে।
তেওঁ লগতে কয় যে সীমান্তৰক্ষী বাংলাদেশৰ আপত্তিৰ বাবে শ্ৰীভূমিৰ কুছিয়াৰা নদীৰ পাৰত ৪.৩৫ কিলোমিটাৰ সীমান্তত ফেন্সিঙৰ কাম বাকী আছে।