২০২৩ বৰ্ষৰ চৰকাৰী বার্ষিক কেলেণ্ডাৰ প্ৰকাশ

Story by  atv | Posted by  Munni Begum • 2 Years ago
কেলেণ্ডাৰৰ প্ৰতিনিধিত্বমুলক ফটো
কেলেণ্ডাৰৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
সমাগত নতুন বৰ্ষত ৩৮ দিনৰ চৰকাৰী বন্ধৰ তালিকাৰে ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে ২০২৩ বৰ্ষৰ চৰকাৰী বার্ষিক কেলেণ্ডাৰখন প্ৰকাশ কৰিছে। বিভাগটোৰ আয়ুক্তসচিব এম এছ মন্নিৱন্নন স্বাক্ষৰিত অধিসূচনা অনুসৰি বছৰটোত ২ টা দিন চৰকাৰী অৰ্ধছুটীও ধাৰ্য কৰা হৈছে। অহা বৰ্ষৰ ২৯ জুলাইত মহৰম উপলক্ষে আৰু অহা বৰ্ষৰ ২৮ অক্টোবৰত লক্ষ্মী পূজা উপলক্ষে অৰ্ধছুটী হ'ব। 
 
উল্লেখ্য যে অহা ১৫ আৰু ১৬ জানুৱাৰী মাঘ বিহু আৰু টুচু পূজা, ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিন, ২৪ জানুৱাৰীত বাথৌ পূজা, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ৩১ জানুৱাৰীত মে-দাম-মেফি, ৫ ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস, ৭ মাৰ্চত দৌলযাত্রা, ৭ এপ্ৰিলত গুড ফ্রাইডে, ১৪, ১৫, ১৬ এপ্ৰিলত ব'হাগ বিহু, ২০ এপ্রিলত দামোদৰদেৱৰ তিথি, ২১ এপ্রিলত সতী সাধিনী দিৱস, ২২ এপ্ৰিলত ঈদ-উল-ফিতৰ, ১ মে'ত মে' দিৱস, ৫ মে'ত বুদ্ধ পূর্ণিমা, ৫ জুনত মাধৱদেৱৰ জন্মোৎসৱ, ২৯ জুনত ঈদ-উজ-জোহাৰ বাবে চৰকাৰী বন্ধ ধাৰ্য কৰা হৈছে। 
 
একেদৰে ১৫ আগষ্টত স্বাধীনতা দিৱস, ১৮ আগষ্টত শ্ৰীমন্ত শংকৰদেৱৰ তিথি, ২৭ আগষ্টত কৰম পূজা, ৪ ছেপ্টোৰত মাধৱদেৱৰ তিৰোভাৱ তিথি, ৬ ছেপ্টেম্বৰত জন্মাষ্টমী, ২৫ ছেপ্টেম্বৰত শংকৰদেৱৰ জন্মোৎসৱ, ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰত কাতি বিহু, ২১, ২২, ২৩ আৰু ২৪ অক্টোবৰত দুৰ্গা পূজা আৰু বিজয়া দশমী, ১২ নৱেম্বৰত কালী পূজা-দীপাৱলী, ১৫ নৱেম্বৰত ভাতৃ দ্বিতীয়া, ১৯ নৱেম্বৰত  ষ্‌ট পূজা, ২৪ নৱেম্বৰত লাচিত দিৱস, ২৭ নৱেম্বৰত গুৰুনানকৰ জন্মদিন, ২ ডিচেম্বৰত চুকাফা দিৱস আৰু ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছৰ বাবে চৰকাৰী বন্ধৰ দিন ধাৰ্য কৰা হৈছে।