১২,৬০০ টা চৰকাৰী চাকৰিৰ পদৰ বিপৰীতে ৩২ লক্ষাধিক আবেদনকাৰী

Story by  atv | Posted by  Munni Begum • 10 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
নিয়োগ, সংস্থাপনৰ পৰা বঞ্চিত লক্ষ লক্ষ নিবনুৱা যুৱক-যুৱতীয়ে আজি এটা চৰকাৰী চাকৰিৰ বাবে চৰম হাহাকাৰ কৰিবলগা পৰিবেশৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে অসমৰ দৰে এখন ৰাজ্যত নিবনুৱা সমস্যাৰ গভীৰতা কিমান সেয়া ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলৈ ওলোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ যাৱতীয় প্রক্রিয়াত উন্মোচিত হৈছে। পোহৰলৈ অহা তথ্য অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ১২,৬০০ টা পদৰ বাবে ৰাজ্যখনত আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ ৩২ লক্ষাধিক। 
 
উল্লেখযোগ্য যে, অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ২০২৩ চনৰ শেষৰ ফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই অনুসৰি তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ পদৰ সংখ্যা ৪,০৫৫ টা, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদ ৩,১২৭ টা আৰু মেট্ৰিক পৰ্যায়ৰ (তৃতীয় বৰ্গৰ) পদৰ সংখ্যা আছিল ৪১৮ টা। অর্থাৎ তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা হৈছে ৭,৬০০ টা। একেদৰে চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ পদ ১,০৬০ টা, মেট্ৰিকৰ লগতে আই টি আই উত্তীৰ্ণসকলৰ বাবে পদৰ সংখ্যা ১,৯৯০ টা আৰু অষ্টম শ্রেণী পর্যন্ত পঢ়াসকলৰ বাবে পদৰ সংখ্যা ১,৯৫০ টা। চতুৰ্থ বৰ্গৰ পদৰ মুঠ সংখ্যা হৈছে ৫,০০০ টা। 
 
লক্ষণীয়ভাৱে তৃতীয় আৰু চতুর্থ বৰ্গৰ মুঠ ১২,৬০০ টা পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যাই চুলেগৈ ৩২ লাখৰ ঘৰ। এই সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৩,১২৭ টা পদৰ বাবে সর্বাধিক এঘাৰ লক্ষাধিক প্রার্থীয়ে আবেদন কৰিছে। একেদৰে তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ ৪,০৫৫ টা পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ পাঁচ লক্ষাধিক। অনুৰূপভাৱে তৃতীয় বৰ্গৰ চালকৰ ৪১৮ টা পদৰ বাবে আবেদন কৰিছে দুই লক্ষাধিক প্রার্থীয়ে। অর্থাৎ তৃতীয় বৰ্গৰ ৭,৬০০ টা পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ওঠৰ লক্ষাধিক। চতুৰ্থ বৰ্গৰ পদসমূহৰ ক্ষেত্ৰতো কেইবালক্ষ প্রার্থীয়ে আবেদন কৰিছে। 
 
এইক্ষেত্ৰত প্রাপ্ত তথ্য অনুসৰি চতুৰ্থ বৰ্গৰ মেট্রিক পৰ্যায়ৰ ১,০৬০ টা পদৰ বাবে আঠ লক্ষাধিক প্রার্থীয়ে, মেট্ৰিকৰ সৈতে আই টি আই উত্তীর্ণ ১.৯৯০ টা পদৰ বাবে পাঁচ লক্ষাধিক প্রার্থীয়ে আবেদন জনাইছে। অর্থাৎ চতুৰ্থ বৰ্গৰ মুঠ আঠ হেজাৰটা পদৰ প্ৰাৰ্থীৰ সংখ্যা তেৰ লাখতকৈ অধিক। এনেদৰে তৃতীয় আৰু চতুর্থ বৰ্গৰ মুঠ ১২,৬০০ টা পদৰ বাবে ৩২ লক্ষাধিক প্রার্থীয়ে আবেদন কৰিছে।
 
জানিব পৰামতে আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা ৩২ লক্ষাধিকৰ ঘৰ স্পৰ্শ কৰাৰ ফলত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাটো ছেবাৰ বাবে অত্যন্ত প্রত্যাহ্বানমূলক হৈ পৰিছে। পদসমূহৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা অধিক হোৱা বাবেই ছেবাই ইতিমধ্যে সকলো জিলাৰ আয়ুক্তলৈ পৰীক্ষা কেন্দ্ৰ বাছনি সন্দর্ভত বিশেষ সতর্কতা অৱলম্বন কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। 
 
ইপিনে লক্ষ লক্ষ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অৱসান ঘটাই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ১৫ ছেপ্টেম্বৰ দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৩,১২৭ টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। আয়োগে সদৰী কৰা মতে উক্ত পৰীক্ষাৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ২ ছেপ্টেম্বৰৰ পৰা www.assam.gov.in বা www.site.sebaonline.org ৱেবছাইটৰ পৰা এডমিট কার্ড ডাউনলোড কৰিব পাৰিব। ইপিনে অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষাৰ তালিকা আৰু সময় নির্ধাৰিত সময়ত ঘোষণা কৰা হ'ব বুলি আয়োগে এখন জাননীত উল্লেখ কৰিছে।