ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ৩১লৈ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 3 h ago
ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ৩১লৈ বৃদ্ধি
ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ৩১লৈ বৃদ্ধি
 
নতুন দিল্লী
 
সোমবাৰে সংঘটিত হয় তেলেংগানাৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ উদ্যোগিক দুৰ্ঘটনাটো। হায়দৰাবাদৰ সমীপৱৰ্তী ছাংগাৰেড্ডী জিলাৰ পটাঞ্চেৰু মণ্ডলৰ পছুমিল্লাৰম ঔদ্যোগিক এলেকাত ছিগাচি ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ঔষধ উদ্যোগত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ।
 
এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা ৩১ গৰাকী লোকৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে৷ আন একাংশৰ মৃতদেহ ধ্বংসাৱশেষৰ তলত পোত থকাই থকাৰ অনুমান কৰা হৈছে ৷ যাৰ বাবে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
 
বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত উদ্যোগটোৰ উষ্ণতা ৭০০-৮০০ ডিগ্ৰী থকা বুলি অনুমান কৰা হৈছে ৷ যাৰ বাবে তাত কৰ্মৰত পাঁচজন শ্ৰমিক মুহূৰ্ততে জ্বলি ছাইত পৰিণত হয়৷
 
বিস্ফোৰণটো ইমানেই ভয়াৱহ আছিল যে কাৰখানাটোৰ ১৪ ইঞ্চি ডাঠ প্লিন্থ বিম বিধ্বস্ত হোৱাৰ ফলত ক্ষতিৰ পৰিমাণ বৃদ্ধি পায় ৷ উদ্যোগটোৰ উপ-সভাপতি ইলাংগোভানে গুণগত নিয়ন্ত্ৰণ বিভাগৰ পৰা আহি থকাৰ সময়তে সংঘটিত হোৱা এই বিস্ফোৰণত ব্যক্তিগৰাকীৰ মৃতদেহ প্ৰায় ৫০ মিটাৰ দূৰলৈ ছিটিকি পৰে৷
 
এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে গভীৰ শোকপ্ৰকাশ কৰে। তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
 
মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনৰ মন্ত্ৰী দামোদৰ ৰাজন সিংহ আৰু বিবেকৰ নেতৃত্বত এন ডি আৰ এফ, হাইড্ৰা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে উদ্ধাৰ অভিযানত আগভাগ লয় ৷ প্ৰায় ১১ টাকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে। এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে ছাংগাৰেড্ডীৰ জিলা আয়ুক্ত প্ৰবীণ্য আৰু আৰক্ষী অধীক্ষক পৰিতোষ পংকজে।
 
গুজৰাটৰ ছিগাচি নামৰ কোম্পানীটোৰ দুটা শাখা ক্ৰমে তেলেংগানা আৰু মহাৰাষ্ট্ৰত আছে । প্ৰায় চাৰি একৰ ভূমিত বিস্তৃত হৈ থকা পছুমিল্লাৰম ঔদ্যোগিক এলেকাত আছে কোম্পানীটোৰ এক ঔষধ উৎপাদন উদ্যোগ ৷ য’ত কেঁচামাল বিশুদ্ধ কৰাৰ পিছত মাইক্ৰ’ক্ৰিষ্টলাইন চেলুল’জ নামৰ এবিধ ঔষধ প্ৰস্তুত কৰা হয় । বিভিন্ন ঔষধ নিৰ্মাণ কোম্পানীক বিক্ৰী কৰা হয় এই ঔষধবিধ।
 
এই উদ্যোগটোত চাৰিটা ব্লক আছে। ছিকিউৰিটি ব্লকৰ পিছফালে আছে প্ৰডাকচন বিভাগ, য’ত ঔষধ প্ৰস্তুত কৰা হয়। তাৰলগতে অট্টালিকাটোৰ ওপৰৰ মহলাত গুণগত নিয়ন্ত্ৰণ আৰু এডমিন বিভাগ আছে । ইয়াত মুঠ ১৮৯ জন কৰ্মচাৰীয়ে কাম কৰে। ইয়াৰে অধিকাংশই উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ।
 
সোমবাৰে পুৱা ৮ বজাৰ আশে-পাশে সদায়ৰ দৰেই প্ৰতিগৰাকী কৰ্মচাৰী নিয়মীয়া কৰ্তব্য সম্পাদনৰ বাবে উপস্থিত হয় । উদ্যোগটোত কৰ্মচাৰীসকলে কেঁচামাল বিশুদ্ধ কৰিবলৈ স্প্ৰে ড্ৰায়াৰ ব্যৱহাৰ কৰে।
 
পুৱা প্ৰায় ৯.৫০ বজাত প্ৰচণ্ড শব্দৰে সংঘটিত হয় এক বিস্ফোৰণ ৷ প্ৰকৃততে কি ঘটিছে সেয়া কোনোৱে তলকিব পৰাৰ পূৰ্বেই অট্টালিকাটোৰ ওপৰৰ মহলাটো ভাঙি পৰে৷ কাষতে থকা আন এটা অট্টালিকাৰো আংশিক ক্ষতিসাধন হয় ৷ মুহূৰ্ততে বনজুইৰ দৰে গুণগত নিয়ন্ত্ৰণ আৰু আন এটা বিভাগলৈ বিয়পি পৰে জুই৷
 
বিষয়াসকলে জনোৱা মতে, সেই সময়ত উদ্যোগ চৌহদত ১৪৭ জন লোক উপস্থিত আছিল । ইয়াৰে ২৯ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । মৃত্যু ঘটা লোকসমূহৰ ভিতৰত কেইজনমানৰহে পৰিচয় পোৱা গৈছে ৷ বাকী মৃত পাঁচজন লোকৰ পৰিচয় জানিব পৰা হোৱা নাই । এই বিস্ফোৰণত ৩৪ জন লোক আহত হোৱাৰ বাবে বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
 
এই বিস্ফোৰণে অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ স্প্ৰে ড্ৰায়াৰৰ সমীপত কাম কৰা শ্ৰমিকসকলে কি হৈছে অনুমান কৰাৰ পূৰ্বেই জুইত জাহ যায় সকলো
 
উদ্ধাৰ অভিযানত জড়িত কৰ্মীসকলে বিস্ফোৰণ সন্দৰ্ভত এনেদৰে কয়, ‘‘ৰিয়েক্টৰলৈ কেঁচামাল অনা পাইপলাইন আৰু সম্পূৰ্ণ সামগ্ৰী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা পাইপবোৰো গলি গৈছে । ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহ ৷ গধুৰ পাইপ, চিমেণ্টৰ বীম, ক্ৰেনেৰে লোহাৰ গাৰ্ডাৰ আঁতৰাবলৈ বহু সময় লাগে । জ্বলি যোৱা মৃতদেহৰ পৰা ওলোৱা ধোঁৱাৰ গোন্ধ আৰু ৰাসায়নিক পদাৰ্থৰ দুৰ্গন্ধই অঞ্চলটো পৰিস্থিতি শ্বাসৰুদ্ধকৰ কৰি তুলিছে।’’
 
চিকিৎসকৰ মতে ডি এন এ পৰীক্ষা হৈছে মৃতদেহ চিনাক্তকৰণৰ একমাত্ৰ উপায় । মৃতদেহবোৰৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ডি এন এৰ তুলনা কৰি নিহতসকলক চিনাক্ত কৰিব লাগিব । তেতিয়ালৈকে পৰিয়ালৰ লোকক গতাই দিয়া নহ’ব মৃতদেহসমূহ ৷
 
স্প্ৰে ড্ৰায়াৰত ৰাসায়নিক মিশ্ৰণ প্ৰক্ৰিয়াৰ বাবে অভাৱনীয়ভাৱে উষ্ণতা বৃদ্ধি পায় । মাজে মাজে ইয়াক স্থিৰ কৰিবলৈ ব্ল’ এয়াৰ হেণ্ডলাৰ ব্যৱহাৰ কৰা হয় । এইবোৰে বায়ু শোষণ কৰি মুকলি কৰি দিয়াৰ লগে লগে তাত ধূলি জমা হয় । যাক নিয়মিতভাৱে চাফা কৰিব লাগে । অন্যথা স্প্ৰে ড্ৰায়াৰৰ কাৰ্যক্ষমতা লেহেমীয়া হয় ।
 
উদ্যোগ বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, ‘‘প্ৰথম অৱস্থাত অনুমান কৰা হৈছে যে ব্ল’ এয়াৰ হেণ্ডলাৰ পৰিষ্কাৰ কৰাত গাফিলতিৰ বাবে ধূলি জমা হৈছিল ৷ যাৰ ফলত ড্ৰায়াৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বিস্ফোৰণ ঘটিছিল । অন্যথা স্প্ৰে ড্ৰায়াৰত কেঁচামাল বিশুদ্ধ কৰিবলৈ হাইড্ৰ’জেন পেৰ’ক্সাইড ব্যৱহাৰ কৰা হৈছিল, যিটো নীতি বহিৰ্ভূত আৰু বিস্ফোৰণৰ কাৰণো হোৱাৰ থল আছে ৷’’
 
চিকিৎসাধীন হৈ থকা লোকসকলক সাক্ষাৎ কৰে মন্ত্ৰী দামোদৰ ৰাজনসিংহ আৰু গাদ্দাম বিবেকে । তেওঁলোকে নিহতৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰে । সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকল সম্প্ৰতি বিপদমুক্ত বুলি তেওঁলোকে ঘোষণা কৰে ৷ লগতে কয় যে দুগৰাকী আহত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ এই বিস্ফোৰণ কাণ্ডক লৈ ৰাজনীতি নকৰিবলৈও বিৰোধীক সকীয়নি প্ৰদান কৰে মন্ত্ৰী দুগৰাকীয়ে ৷