গুৱাহাটী
প্ৰায় ৩৫ বছৰৰ পিছত আদালতে দোষমুক্ত কৰিলে প্ৰাক্তন আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰীসহ ৩৮ জনক। টাডা (TADA) গোচৰত ৩৮ জনক দোষমুক্ত ঘোষণা কৰে আদালতে। ৩৫ বছৰৰ পিছত ৪৩/২০০১ নং গোচৰৰ ৰায়দান আদালতৰ। অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰী, প্ৰদীপ গগৈ, সুনীল নাথ, কল্পজ্যোতি নেওঁগ, ৰাজু বৰুৱা, মুনিন নবিশ, অনাদৰ ঠাকুৰীয়াসহ ৩৮ জনক দোষমুক্ত কৰে আদালতে।
১৯৯১ চনত দিছপুৰ থানাই নিজাকৈ পঞ্জীয়ন কৰিছিল গোচৰটো । ৪৩/২০০১ নম্বৰৰ গোচৰটোৰ টাডা (TADA) আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দি ৩৮ জনক দোষমুক্ত কৰে । ২০০১ চনৰ পৰা টাডা আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । সুদীৰ্ঘ ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৩৫ বছৰীয়া গোচৰটোৰ আজি আদালতে ঐতিহাসিক ৰায়দান দিয়ে । ৪৩/২০০১ নং টাডা গোচৰটোত মুঠ ৪৫ জন অভিযুক্ত আছিল।
ইয়াৰে পৰেশ বৰুৱাসহ তিনিজন বৰ্তমান অৱস্থাত পলাতক হৈ আছে । আনহাতে ৪ জনৰ মৃত্যু হোৱা বাবে তেওঁলোকৰ নাম গোচৰটোৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । সেয়ে আদালতে বুধবাৰে ৩৮ অভিযুক্তৰ বিৰুদ্ধে ৰায়দান কৰে । সন্ত্ৰাস সৃষ্টি কৰা, ধন দাবী আদি বিভিন্ন অভিযোগৰ ভিত্তিত দিছপুৰ থানাই ১/১৯৯১ নং গোচৰটো ৰুজু কৰিছিল । অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA) ৰ ১০(৩০) ধাৰা আৰু টাডা আইনৰ ৩/৪ ধাৰা আৰোপ কৰা হৈছিল । লগতে আইপিচিৰ বহু কেইটা ধাৰাও আৰোপ কৰিছিল গোচৰটোত।
আদালতৰ ৰায়দানক লৈ যথেষ্ট আনন্দিত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই কয়, "চৰকাৰে বৈধ নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে যাৰ বাবে আমাক দোষমুক্ত ঘোষণা কৰিলে। লিখিত ৰায়দানৰ বাবে কিছু সময় লাগিব। ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, থাকিব। আজি যি বিচাৰ পালো যথেষ্ট সেয়া সন্তোষজনক। আগন্তুক দিনত দেশ আৰু জাতিৰ স্বাৰ্থত নিজকে আমি উছৰ্গা কৰিম বুলি গণতান্ত্ৰিকভাৱে প্ৰতিশ্ৰুতিবদ্ধ।"
আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতে অৰবিন্দ ৰাজখোৱাই কয়, "সতীৰ্থসকলৰ বৰ্তমানৰ আৰ্থিক যিটো সমস্যাৰ মাজেৰে আইনৰ পৰা বিচাৰটো পাম বুলি ইমান দিনে অপেক্ষা কৰিছিল সেইটো সন্মানেৰে সৈতে আজি সমাধান পোৱা গৈছে । তাৰ কাৰণে আমি বিচাৰকলৈ ধন্যবাদ জ্ঞাপন কৰিছো।"