ভূটানৰ পৰা উভতিয়ে চিকিৎসালয়ত প্ৰধানমন্ত্ৰী মোদী; খবৰ ল'লে বিস্ফোৰণত আহতসকলৰ

Story by  atv | Posted by  [email protected] • 2 h ago
ভূটানৰ পৰা উভতিয়ে চিকিৎসালয়ত প্ৰধানমন্ত্ৰী মোদী
ভূটানৰ পৰা উভতিয়ে চিকিৎসালয়ত প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী
 
ৰাজধানী দিল্লীৰ কাৰ বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিবলৈ বুধবাৰে লোকনায়ক হাস্পতালত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰে দিল্লীৰ লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপত কাৰ বিস্ফোৰণত আহত হৈছিল কেইবাজনো লোক। মৃত্যু হৈছিল ১২জন লোকৰ।
 
ভূটান ভ্ৰমণ সামৰি বুধবাৰে দুপৰীয়া দিল্লীত উপস্থিত হয় মোদী। মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠকত দিল্লী বিস্ফোৰণক লৈ নিৰাপত্তা বিষয়ক পৰ্যালোচনা বৈঠকতো উপস্থিত থাকিব মোদী। ভূটান ভ্ৰমণৰ সময়তে থিম্ফুৰ পৰা বিস্ফোৰণত মৃত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে আহতসকলৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে।
 
এই প্ৰসংগত মোদীয়ে কয়, ‘‘দিল্লীত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। মই পৰিয়ালসমূহৰ যন্ত্ৰণা অনুভৱ কৰিছো, যিসকলে নিজৰ পৰিয়ালৰ আপোনজনক হেৰুৱাইছে। সমগ্ৰ দেশ ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত আছে। আমাৰ দেশৰ তদন্তকাৰী সংস্থাসমূহে এই ঘটনাৰ সৈতে জড়িত লোকসকলক বিচাৰি উলিয়াব আৰু কঠোৰ শাস্তি প্ৰদান কৰিব।’’