স্বাধীনতা সংগ্ৰামৰ অমৰ বীৰ শ্বহীদ ভগত সিঙৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Story by  atv | Posted by  Munni Begum • 4 h ago
 শ্বহীদ ভগত সিঙৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্বহীদ ভগত সিঙৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে স্বাধীনতা সংগ্ৰামৰ অমৰ বীৰ শ্বহীদ ভগত সিঙৰ ১১৯সংখ্যক জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ভগত সিঙক বিশেষকৈ দেশৰ যুৱ সমাজৰ বাবে “প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে প্ৰেৰণাৰ উৎস” বুলি অভিহিত কৰে।
 
‘এক্স’ত প্ৰকাশ কৰা এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি ভগত সিঙৰ নিৰ্ভীকতা আৰু অটল নিষ্ঠাৰ কথা স্মৰণ কৰে। তেওঁ কয় যে, ভগত সিঙৰ জীৱন আৰু আত্মত্যাগে আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে, বিশেষকৈ দেশৰ যুৱ সমাজৰ বাবে অমৰ শ্বহীদ ভগত সিং প্ৰেৰণাৰ উৎস। নিৰ্ভীকতা তেওঁৰ স্বভাৱৰ এক অবিচ্ছেদ্য অংশ আছিল।” 
 
প্ৰধানমন্ত্ৰীয়ে ফাঁচি দিয়াৰ পূৰ্বে ভগত সিঙে ব্ৰিটিছ কৰ্তৃপক্ষলৈ লিখা এখন চিঠিৰ কথাও স্মৰণ কৰে। সেই চিঠিত ভগত সিঙে তেওঁ আৰু তেওঁৰ সতীৰ্থ বিপ্লৱীসকলক যুদ্ধবন্দীৰ মৰ্যাদা দিয়াৰ দাবী জনাইছিল।
 
তেওঁ কয়, “দেশৰ বাবে ফাঁচীকাঠত উঠাৰ পূৰ্বে ভগত সিঙে ব্ৰিটিছসকললৈ এখন চিঠি লিখিছিল। তেওঁ কৈছিল যে, তেওঁ আৰু তেওঁৰ সতীৰ্থসকলক যুদ্ধবন্দী হিচাপে গণ্য কৰা হওক। সেয়ে তেওঁলোকৰ জীৱন ফাঁচী দি নহয়, গুলীয়াই শেষ কৰা হওক। এই কথাই তেওঁৰ অদম্য সাহসৰ প্ৰমাণ দিয়ে।”
 
প্ৰধানমন্ত্ৰী মোদীয়ে ভগত সিঙৰ মানৱীয় সংবেদনশীলতাৰ কথাও উল্লেখ কৰে। সাধাৰণ মানুহৰ দুখ-কষ্টৰ প্ৰতি তেওঁ সদায় সংবেদনশীল আছিল আৰু আনক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিছিল বুলি উল্লেখ কৰে। 
 
তেওঁ কয়, “ভগত সিং মানুহৰ দুখ-কষ্টৰ প্ৰতিও অত্যন্ত সংবেদনশীল আছিল আৰু আনক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিছিল। মই শ্বহীদ ভগত সিংলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।”
 
‘এক্স’ত পৃথকে দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভগত সিঙৰ অদম্য সাহস আৰু বীৰত্বই ভাৰতৰ স্বাধীনতা আন্দোলনক নতুন শক্তি প্ৰদান কৰিছিল।
 
তেওঁ লিখে, “শ্বহীদ ভগত সিঙৰ জন্ম জয়ন্তীত তেওঁলৈ অযুত প্ৰণাম। তেওঁৰ অদম্য সাহস আৰু বীৰত্বই স্বাধীনতা আন্দোলনত নতুন উদ্যম সঞ্চাৰ কৰিছিল। দেশৰ সন্মানৰ বাবে সকলো ত্যাগ কৰাৰ তেওঁৰ মানসিকতা ভাৰতৰ যুৱ সমাজৰ সাহস আৰু সংকল্পৰ প্ৰতীক।”
 
ভগত সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত বৰ্তমান পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ অন্তৰ্গত বাংগা নামৰ ঠাইত। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট বিপ্লৱী হিচাপে পৰিগণিত হৈছিল।
 
১৯২৯ চনৰ ৮ এপ্ৰিলত ভগত সিং আৰু বটুকেশ্বৰ দত্তই দিল্লীৰ কেন্দ্ৰীয় বিধানসভাৰ ভিতৰত বোমা নিক্ষেপ কৰিছিল। ঔপনিৱেশিক চৰকাৰৰ আইন-কানুনৰ প্ৰতিবাদ জনোৱাই আছিল তেওঁলোকৰ উদ্দেশ্য। তেওঁলোকে ইচ্ছাকৃতভাৱে আত্মসমৰ্পণ কৰিছিল আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়াক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে নিজৰ বাৰ্তা প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। 
 
পৰৱৰ্তী সময়ত লাহোৰ ষড়যন্ত্ৰ গোচৰত ভগত সিঙক দোষী সাব্যস্ত কৰা হয়। ১৯৩১ চনৰ ২৩ মাৰ্চত মাত্ৰ ২৩ বছৰ বয়সতে তেওঁক শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰৰ সৈতে ফাঁচি দিয়া হয়।
 
ইফালে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ভগত সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ বিশেষকৈ যুৱ সমাজক জ্ঞান, মূল্যবোধ আৰু সক্ষমতাৰে সমৃদ্ধ উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনায়।
 
যোগী আদিত্যনাথে কয় যে, ভগত সিঙৰ জীৱনে মানুহক সামাজিক কু-প্ৰথা আৰু কু-অভ্যাসৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব লাগে। ৰাজ্যখনৰ উন্নয়নৰ বাবে জ্ঞান, দক্ষতা, সংকল্প আৰু কাৰ্যকৰী পদক্ষেপৰ গুৰুত্বৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।