নতুন দিল্লী
বিশ্বৰ পৰিস্থিতি আৰু বিশেষত পশ্চিম এছিয়াৰ সংকটৰ ফলত আন প্ৰান্তৰ লগতে ভাৰততো ইন্ধন নাটনি সমস্য়াৰ সম্ভাৱনা প্ৰকট হৈছে৷ যাৰ বাবে কেইদিনমানপূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক কেইটামান বিশেষ পৰামৰ্শ প্ৰদান কৰিছিল৷ তাৰ ভিতৰত অন্যতম আছিল পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ কম কৰা৷ অৱশ্যে কেৱল কথাৰে নহয়, কামেৰেও ইয়াৰ দৃষ্টান্ত দাঙি ধৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷
চৰকাৰী সূত্ৰৰ পৰা শেহতীয়াকৈ লাভ কৰা এক তথ্য আৰু ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান পিটিআই-এএনআইৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’পণ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে তেওঁৰ কনভয়ৰ আকাৰ সীমিত কৰিছে৷
এছ পি জি প্ৰট’কল অনুসৰি অত্যাৱশ্যকীয় নিৰাপত্তা উপাদানসমূহ ৰক্ষা কৰি বাহনৰ সংখ্যা হ্ৰাস কৰা হৈছে। হায়দৰাবাদত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনোৱাৰ পাছতেই গুজৰাট আৰু অসমত তেওঁৰ কনভয়ৰ আকাৰ হ্ৰাস পায়। প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ক্ৰয় নকৰাকৈয়ে যদি সম্ভৱ হয়, তেন্তে তেওঁৰ কনভয়ত ইলেক্ট্ৰিক বাহন অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনাইছে৷
উল্লেখ্য় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গুজৰাটৰ ৰাজ্য়পাল আচাৰ্য্য় দেৱব্ৰত ঘোষণা কৰিছে যে, গুজৰাটৰ চৰকাৰী কাৰ্য্য়সূচীবোৰত উপস্থিত হ'বলৈ তেওঁ হেলিকপ্তাৰৰ সলনি ৰে'ল গাড়ী,ৰাজহুৱা বাছ ব্য়ৱস্থা আদিৰ ব্য়ৱহাৰ কৰিব।
পশ্চিম এছিয়াৰ সংকটৰ মাজতে বিগত দেওবাৰে হায়দৰাবাদত তেলেংগানা বিজেপিয়ে আয়োজন কৰা এক সমাৱেশত ভাষণ দি মোদীয়ে জনসাধাৰণক ইন্ধন ব্যয়ৰ লগতে আন কেবাটাও দিশত মিতব্যয়ী হ’বলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে পেট্ৰ’ল আৰু ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰা, চহৰত বাছ আৰু মেট্ৰ’ ৰে’ল সেৱা ব্যৱহাৰ কৰা, বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰা, সামগ্ৰী পৰিবহণৰ বাবে ৰে’ল সেৱা ব্যৱহাৰ কৰা, বৈদেশিক মুদ্ৰা সংৰক্ষণৰ বাবে ঘৰৰ পৰা কাম কৰা আদিৰ পৰামৰ্শ আগবঢ়ায়।
তাৰোপৰি এবছৰলৈ সোণ ক্ৰয়, বিদেশ ভ্ৰমণ আদিও পৰাপক্ষত এৰাই চলিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ পেট্ৰ’লিয়াম ব্যৱহাৰৰ ক্ষেত্ৰত সেয়ে নিজৰ কনভয় সীমিত কৰি আৰ্হি দেখুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে৷