নতুন দিল্লী
ৰাজধানী দিল্লীৰ পালাম বায়ুসেনা ষ্টেচনৰ পৰা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময়ৰ পূৰ্বে তেওঁৰ বিমানখনে উৰা মাৰিছে।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ইজৰাইলৰ মাজত বহু বৃহৎ চুক্তি স্বাক্ষৰিত হ’ব। ইয়াত প্ৰতিৰক্ষা চুক্তি বিশিষ্ট। টেল আভিভত প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ভাৰতক হেক্সাগাঁন মিত্ৰতাত অন্তৰ্ভুক্ত কৰি তুৰ্কিয়ে আৰু পাকিস্তানৰ দৰে দেশক মোক্ষম আঘাত দিছে।
ইজৰাইললৈ যোৱাৰ পূৰ্বে এক্সত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছিল,‘আজি আৰু কাইলৈৰ বাবে ইজৰাইললৈ ভ্ৰমণলৈ যাম।আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত এক শক্তিশালী আৰু বহুমুখী কৌশলগত অংশীদাৰিত্ব আছে’।
‘কিছু বছৰৰ পৰা দুয়োখন দেশৰ সম্পৰ্কটো যথেষ্ট সুদৃঢ় হৈছে।মই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে আলোচনা কৰিম, য’ত প্ৰতিৰক্ষা, প্ৰযুক্তি, উদ্ভাৱন, বাণিজ্য, কৃষি, জল ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব’।
‘মই ইজৰাইলৰ ৰাষ্ট্ৰপতি ইসাক হৰোগকো লগ কৰিম। আজি সন্ধিয়া মই ইজৰাইলৰ সংসদ নেচেটক সম্বোধন কৰিম। এয়া আমাৰ শক্তিশালী সংসদীয় আৰু গণতান্ত্ৰিক সম্পৰ্কক সন্মান জনোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।’
ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নেচেটত এইটোৱেই হ’ব প্ৰথম ভাষণ,যিয়ে দুয়োখন দেশৰ মাজত গভীৰ বন্ধুত্ব আৰু ভাগ কৰা মূল্যবোধৰ ওপৰত আলোকপাত কৰে।