প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ত কাজিৰঙাৰ প্ৰসংগ; ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ-বৈচিত্ৰই আকৰ্ষণ কৰে পৰ্যটকক

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান ‘মন কি বাত’ৰ ১২৪সংখ্যক খণ্ডত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যুগান্তকাৰী জৈৱ বৈচিত্ৰ্যৰ পদক্ষেপক প্ৰশংসা কৰে, য’ত চৰাইবোৰক দৃষ্টিৰ দ্বাৰা নহয়, শব্দৰ দ্বাৰা চিনাক্ত কৰা হৈছিল।
 
ইয়াক প্ৰযুক্তি আৰু পৰিৱেশ সংবেদনশীলতাৰ উল্লেখযোগ্য সংমিশ্ৰণ বুলি অভিহিত কৰি মোদীয়ে উদ্যানখনৰ প্ৰথমবাৰৰ বাবে চৰাইৰ জৰীপৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘যদিও কাজিৰঙা গঁড়ৰ বাবে বিখ্যাত, এইবাৰ কাজিৰঙাৰ ঘাঁহনি আৰু তাত বাস কৰা চৰাইবোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
 
৪০ টাতকৈও অধিক প্ৰজাতিৰ চৰাই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। য’ত বহুতো বিৰল চৰাইক দৃশ্যৰ দ্বাৰা নহয়, শব্দ ৰেকৰ্ডাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত তেওঁলোকৰ মাতৰ দ্বাৰা চিনাক্ত কৰা হৈছিল।”
 
প্ৰধানমন্ত্ৰীয়ে চৰাইৰ মাতৰ এআই-চালিত বিশ্লেষণে কেনেকৈ প্ৰকৃতিবিদসকলক প্ৰজাতিসমূহ ধৰা পেলাবলৈ সক্ষম কৰি তুলিলে, সেই বিষয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিস্ময় প্ৰকাশ কৰে। তেওঁ কয়, ‘‘যেতিয়া প্ৰযুক্তি আৰু সংবেদনশীলতা একেলগে আহে, তেতিয়া প্ৰকৃতিক বুজাটো সহজ আৰু গভীৰ হৈ পৰে।’’ লগতে, নৱ-প্ৰজন্মক জৈৱ-বৈচিত্ৰ্যৰ সৈতে সংযোগ স্থাপনৰ বাবে এনে প্ৰচেষ্টা বৃদ্ধিৰ বাবে তেওঁ আহ্বান জনায়।