গুৱাহাটী
ৰাজ্যৰ কাৰাগাৰসমূহত এইছ আই ভি (HIV) পজিটিভ বন্দীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ খবৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কাৰাগাৰত এজন বন্দী HIV পজিটিভ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে পৰ্যালোচনা কৰিব। লগতে, সংশ্লিষ্ট ব্যক্তিজন কেনে পৰিস্থিতিত HIVত আক্ৰান্ত হ’ল, সেই বিষয়েও বিশদভাৱে তদন্ত কৰা হ’ব।
একৰ সূত্ৰই জনোৱা অনুসৰি, যোৱা চাৰি মাহত অসমৰ ৩১খন কাৰাগাৰত পৰীক্ষা চলোৱাৰ পিছত মুঠ ২২৬জন বন্দীৰ দেহত HIV পজিটিভ ধৰা পৰিছে। অসমৰ কাৰাগাৰত HIV পজিটিভ বন্দী চিনাক্ত হোৱা আৰু অধিক পৰীক্ষা কৰাৰ পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক সোধা হৈছিল। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মোকো জনোৱা হৈছে যে, এজন ব্যক্তিৰ দেহত HIV পজিটিভ ধৰা পৰিছে। আমি বিষয়টো গুৰুত্বসহকাৰে লৈছোঁ আৰু মোৰ বিশ্বাস, গুৱাহাটী উচ্চ ন্যায়ালয়েও বিষয়টো বিবেচনাধীন কৰি আছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কাৰাগাৰত থকাৰ সময়ত ব্যক্তিজন কেনেকৈ HIVত আক্ৰান্ত হ’ল, সেই বিষয়টো চৰকাৰে বিশদভাৱে পৰীক্ষা কৰিব। তেওঁ কয়, “ব্যক্তিজন কাৰাগাৰত থকাৰ সময়ত কেনেকৈ আৰু কি পৰিস্থিতিত HIVত আক্ৰান্ত হ’ল, সেই বিষয়ে আমি বিশদভাৱে পৰীক্ষা কৰিম। ইয়াৰ কাৰণ আৰু পৰিস্থিতিসমূহ বিচাৰি উলিওৱাৰ লগতে আক্ৰান্ত ব্যক্তিজনে যাতে প্ৰয়োজনীয় চিকিৎসা আৰু স্বাস্থ্যসেৱা লাভ কৰে, সেয়াও নিশ্চিত কৰা হ’ব।”
কাৰাগাৰত বন্দীসকলৰ মাজত HIV সংক্ৰমণৰ খবৰ আৰু তেওঁলোকৰ পৰীক্ষা তথা চিকিৎসা ব্যৱস্থাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰৰ এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।
যোৱা সপ্তাহত শ্ৰীভূমি জিলা কাৰাগাৰত HIV পজিটিভ বন্দীৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছিল। কাৰাগাৰখনত বন্দী হৈ থকা ১১জন লোকৰ দেহত HIV পজিটিভ ধৰা পৰিছে। আক্ৰান্তসকলৰ ভিতৰত এগৰাকী মহিলা বন্দীও আছে বুলি জানিব পৰা গৈছে। শ্ৰীভূমি জিলা কাৰাগাৰৰ ভিতৰত HIV সংক্ৰমণৰ ঘটনা ধৰা পৰাৰ পিছতে সমগ্ৰ জিলাখনত উদ্বেগৰ সৃষ্টি হৈছে।
কাৰাগাৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, বৰ্তমান কাৰাগাৰখনত মুঠ ৪৪৫জন বন্দী আছে। ইয়াৰে ১১জনৰ দেহত HIV পজিটিভ ধৰা পৰিছে। কৰ্তৃপক্ষই জনোৱা মতে, আক্ৰান্ত বন্দীসকলৰ অধিকাংশই এন ডি পি এছ সম্পৰ্কীয় গোচৰত কাৰাগাৰত আছে।
HIV পজিটিভ বন্দীসকলক চিকিৎসা আৰু প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে এইডছ নিয়ন্ত্ৰণ সমিতিৰ সদস্যসকলে নিয়মীয়াকৈ কাৰাগাৰখন পৰিদৰ্শন কৰি আহিছে। কাৰাগাৰৰ দায়িত্বত থকা মেজিষ্ট্ৰেট অন্বেষা খেৰশাই জনোৱা মতে, প্ৰয়োজন সাপেক্ষে HIV পজিটিভ হিচাপে চিনাক্ত হোৱা বিচাৰাধীন বন্দীসকলক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
ইফালে, কাৰাগাৰখনত বন্দী ৰখাৰ অনুমোদিত ক্ষমতা মাত্ৰ ১৮৭জন, কিন্তু বৰ্তমান তাত ৪৪৫জন বন্দী থকাৰ ফলত কাৰাগাৰখনত সৃষ্টি হোৱা অত্যধিক ভিৰৰ সমস্যাইও পুনৰ গুৰুত্ব লাভ কৰিছে। এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত ৰাজ্যৰ ৩১খন কাৰাগাৰত বন্দীসকলৰ মাজত HIV পৰীক্ষা কৰা হৈছিল।
চৰকাৰী সূত্ৰ অনুসৰি, চিনাক্ত হোৱা HIV পজিটিভ লোকসকলৰ প্ৰায় ৯৫ শতাংশৰ ক্ষেত্ৰতে ইনজেকচনৰ জৰিয়তে ড্ৰাগছ সেৱনৰ সৈতে সম্পৰ্ক পোৱা গৈছে। এই পৰীক্ষাত মুঠ ২২৬জন বন্দীৰ দেহত HIV পজিটিভ ধৰা পৰে। ইয়াৰে ২০২জনে এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) লাভ কৰি আছে।
নিৰাপত্তাজনিত ব্যৱস্থাৰ বাবে কিছু বন্দীক এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী কেন্দ্ৰলৈ লৈ যোৱাত অসুবিধাৰ সৃষ্টি হোৱাত এতিয়া এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী দলসমূহে কাৰাগাৰলৈ গৈ বন্দীসকলক চিকিৎসা আৰু আন প্ৰয়োজনীয় সেৱা প্ৰদান কৰি আছে। ইয়াৰ পূৰ্বে অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে জনাইছিল যে, ৰাজ্যখনত বৰ্তমান প্ৰায় ৩৩,০০০জন সক্ৰিয় HIV/AIDS ৰোগী আছে।