নতুন দিল্লী
দেওবাৰে ইম্ফল বিমানবন্দৰৰ সমীপত এটা অচিনাক্ত উৰণীয়া বস্তু দেখা পোৱাৰ তথ্য লাভ কৰাৰ কিছু সময়ৰ পাছতে ভাৰতীয় বায়ুসেনাই নিজৰ ৰাফেল যুদ্ধ বিমানেৰে ইয়াৰ সন্ধান আৰম্ভ কৰে। ইম্ফল বিমানবন্দৰৰ ওপৰেদি কালি দুপৰীয়া ২:৩০ মান বজাত অচিনাক্ত উৰণীয়া বস্তুটো দেখা পোৱা যায়, যিয়ে দুই এখন বাণিজ্যিক বিমানৰ উৰণক প্ৰভাৱিত কৰে।
ইম্ফল বিমানবন্দৰৰ ওচৰত ইউ এফ অ’ৰ খবৰ ওলোৱাৰ লগে লগে ওচৰৰ বিমানঘাটিৰ পৰা ৰাফেল যুঁজাৰু বিমান এখন তদন্তৰ বাবে প্ৰেৰণ কৰা হয় বুলি প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰিছে। উন্নত চেন্সৰেৰে সজ্জিত বিমানখনে সন্দেহযুক্ত অঞ্চলটোৰ ওপৰেৰে নিম্নস্তৰৰ উৰণ চলাইছিল যদিও একো বিচাৰি নাপালে। প্ৰথমখন বিমান ঘূৰি অহাৰ পিছত আন এখন ৰাফেল যুঁজাৰু বিমান অনুসন্ধানৰ বাবে প্ৰেৰণ কৰা হয় যদিও সেই অঞ্চলত ইউ এফ অ’ দেখা পোৱা নগ’ল।
তেওঁলোকে প্ৰকাশ কৰা অনুসৰি ইম্ফল বিমানবন্দৰৰ ওপৰত ইউ এফ অ’ বন্দী কৰা ভিডিঅ’ৰ অস্তিত্বৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট সংস্থাসমূহে ইউ এফ অ’ৰ বিষয়ে সবিশেষ সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে।
ইম্ফল বিমানবন্দৰত উৰণৰ অনুমতিৰ পিছতে শ্বিলঙত মুখ্য কাৰ্যালয় থকা ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডে নিজৰ এয়াৰ ডিফেন্স ৰেচপন্স মেকানিজম সক্ৰিয় কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে নিৰ্দিষ্ট তথ্য প্ৰদান কৰা হোৱা নাছিল। ইষ্টাৰ্ণ কমাণ্ডে 'এক্স' (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত উল্লেখ কৰিছে যে, "আই এ এফে ইম্ফল বিমানবন্দৰৰ পৰা পোৱা দৃশ্যমান ইনপুটৰ ভিত্তিত নিজৰ এয়াৰ ডিফেন্স ৰেচপন্স মেকানিজম সক্ৰিয় কৰিছিল। তাৰ পিছত এই সৰু বস্তুটো দেখা পোৱা নগ'ল।"
পশ্চিম বংগৰ হাছিমাৰা বিমান ঘাটিত নিয়োজিত ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানে চীন সীমান্তৰ পূব খণ্ডৰ বিভিন্ন বিমান ঘাটিৰ পৰা চলাচল কৰে। শেহতীয়াকৈ এই যোদ্ধা বিমানসমূহে চীন সীমান্তত বায়ুসেনাৰ বিস্তৃত অনুশীলন পূৰৱী আকাশত অংশগ্ৰহণ কৰিছিল, য’ত সেনাবাহিনীৰ সৈন্যৰ সৈতে বাহিনীটোৰ সকলো ডাঙৰ সম্পত্তি জড়িত আছিল।