আজিৰে পৰা ২৫০ বিধ সামগ্ৰীৰ নিলাম আৰম্ভ কৰিব ৰাষ্ট্ৰপতি ভৱনে

Story by  atv | Posted by  Munni Begum • 1 Months ago
২৫০ বিধ সামগ্ৰীৰ নিলাম কৰিব ৰাষ্ট্ৰপতি ভৱনে
২৫০ বিধ সামগ্ৰীৰ নিলাম কৰিব ৰাষ্ট্ৰপতি ভৱনে
 
নতুন দিল্লী
 
৬ আগষ্টৰ পৰা অহা ২৬ আগষ্টলৈ দেশৰ কেইবাগৰাকীও ৰাষ্ট্ৰপতিয়ে বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা মূল্যৱান উপহাৰ হিচাপে পোৱা ২৫০ বিধ সামগ্ৰীৰ নিলাম আৰম্ভ কৰিব ৰাষ্ট্ৰপতি ভৱনে।  
 
এই সামগ্ৰীসমূহৰ জৰিয়তে ২৭০০ টকাৰ পৰা ৪ লাখ টকাপর্যন্ত লাভ কৰিব বুলি আশা কৰা হৈছে। নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশি কণ কণ শিশুৰ কল্যাণৰ হকে দান কৰা হ'ব। 
 
এই সামগ্ৰীসমূহৰ ভিতৰত আছে জাহাজ আৰু ছাবমেৰিনৰ ছটা নমুনা, নেতাজী সুভাষ চন্দ্ৰ বসুৰ চিত্ৰ আৰু চাউল ৰখা পাত্র অন্যতম। বিভিন্ন সময়ত দেশৰ ৰাষ্ট্ৰপতিসকলে লাভ কৰা এই সামগ্ৰীসমূহ নিলামৰ বাবে ৰখা হৈছে।  
 
এ পি জে আব্দুল কালাম, প্রণৱ মুখার্জী, প্রতিভা পাটিল, ৰামনাথ কোবিন্দ আৰু দ্রৌপদী মূৰ্মূৱে লাভ কৰা উপহাৰ সামগ্ৰীসমূহ নিলামত বিক্ৰী কৰা হ'ব।