নতুন দিল্লী
লালকিল্লাৰ সন্মুখত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰধান সন্দেহযুক্ত ডাঃ ওমৰ উন নবীয়ে ব্যৱহাৰ কৰাৰ সন্দেহত ৰঙা ৰঙৰ এখন ইক'স্প'ৰ্ট (ডি এল ১০ চি কে ০৪৫৮) বাহন জব্দ কৰিছে হাৰিয়ানাৰ ফৰিদাবাদ আৰক্ষীয়ে। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ফৰিদাবাদৰ খান্দাৱালী গাঁৱৰ সমীপত বাহনখন ৰখাই থোৱা অৱস্থাত জব্দ কৰা হয়।
দিল্লীত সংঘটিত বিস্ফোৰণৰ পিছৰে পৰা হাৰিয়ানাৰ সৈতে বিস্ফোৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰা হৈছে। বিস্ফোৰণৰ সৈতে জড়িত ডি এল ১০ চি কে ০৪৫৮ নম্বৰৰ এখন ৰঙা ৰঙৰ ফ'ৰ্ড ইক'স্প'ৰ্ট বাহনৰ সন্ধানত দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল। দিল্লী আৰক্ষীয়ে এই তথ্য হাৰিয়ানা আৰক্ষীৰ সৈতে শ্বেয়াৰ কৰে।
সংবাদ সংস্থা এ এন আইৰ মতে, দিল্লী আৰক্ষীয়ে ৰঙা ৰঙৰ ফ'ৰ্ড ইক'স্প'ৰ্ট বাহনখন বিচাৰি দিল্লীৰ প্ৰতিখন থানা, আৰক্ষী চকী আৰু সীমান্তত থকা আউটপোষ্টক সতৰ্ক কৰি দিয়া হৈছিল। তদন্তত প্ৰকাশ পাইছে যে, সন্দেহযুক্ত লোকসকলৰ লগত হুণ্ডাই আই২০ বাহনখনৰ বাহিৰে আন এখন বাহনো আছিল।
জইছ-ই-মহম্মদ(জে এ ম)ৰ সৈতে জড়িত দিল্লীৰ কাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ফৰিদাবাদৰ আল-ফালাহ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে৷
দিল্লী বিস্ফোৰণৰ সৈতে জড়িত বুলি সন্দেহ কৰা ডাঃ ওমৰ নবী ভাটৰ মাতৃ আৰু ভাতৃৰ ডি এন এ নমুনা সংগ্ৰহ কৰি অধিক বিশ্লেষণৰ বাবে এইমছৰ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে।