নতুন দিল্লী
আজি নিশা আকাশত দৃশ্যমান হ'ব এক বিৰল মহাজাগতিক পৰিঘটনা ৰক্তবৰ্ণৰ পূৰ্ণগ্রাস চন্দ্ৰগ্ৰহণ। বতৰ ফৰকাল থাকিলে সমগ্র দেশৰ পৰা দেখা যাব ৮২ মিনিটীয়া এই বিৰল চন্দ্রগ্রহণ। চকুৰে নিৰাপদে পৰ্যবেক্ষণ কৰিব এই পৰিঘটনা।
দেওবাৰে চন্দ্ৰগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশা ৮.৫৮ বজাত, আংশিক চন্দ্রগ্রহণ আৰম্ভ হ'ব ৯.৫৭ বজাত আৰু সম্পূর্ণ গ্রাস সম্পন্ন হ'ব ১২.২২ বজাত আৰু চন্দ্রগ্রহণ অন্ত পৰিব ১২.২২ বজাত। গ্রহণ প্রক্রিয়া সামৰণি পৰিব ২.২৫ বজাত।
২.৫ দুগুণ পৃথিৱীৰ ছাঁই আবৃত কৰিব চন্দ্ৰক। সম্পূর্ণ গ্ৰাসৰ পিচত চন্দ্ৰক দেখা যাব ৰক্তবৰ্ণত। তাৰ বাবেই এইবাৰৰ পূর্ণগ্রাস চন্দ্রগ্রহণক নাম দিয়া হৈছে 'ব্লাড মুন' বুলি।
সাধাৰণতে পৃথিৱীব ছাঁ চন্দ্ৰৰ ওপৰত পৰাৰ বাবে চন্দ্রগ্রহণৰ সময়ত আন্ধাৰে আৱৰি ধৰে যদিও এইবেলি বায়ুমণ্ডলেদি পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰাৰ বাবে চন্দ্রগ্রহণৰ সময়ত চন্দ্ৰক দেখা যাব ৰক্তবৰ্ণত। পূর্বে এনে চন্দ্রগ্রহণ দেখা গৈছিল ২০১৮ চনৰ ১৭ জুলাইত, পৰৱৰ্তী পূর্ণগ্রাস চন্দ্রগ্রহণ দেখা যাব ২০২৮ চনৰ ৩১ ডিচেম্বৰত।
বেছিভাগ চন্দ্ৰগ্ৰহণ কেৱল নিৰ্বাচিত অঞ্চলতহে আংশিক হয় । কিন্তু এইবাৰ মুঠ বা আংশিক চন্দ্ৰগ্ৰহণ ৭০ কোটিতকৈ অধিক লোকৰ বাবে দৃশ্যমান হ’ব। বিজ্ঞানীসকলে কয় যে, এই ধৰণৰ আকাশী পৰিঘটনা অতি বিৰল। এনেবোৰ কথা এটা প্ৰজন্মত মাত্ৰ এবাৰহে ঘটিছে বুলিও বিজ্ঞানীসকলে উল্লেখ কৰিছে।
উত্তৰ ভাৰতৰ দিল্লী, চণ্ডীগড়, জয়পুৰ, লক্ষ্ণৌ। পশ্চিম ভাৰতৰ মুম্বাই, আহমেদাবাদ, পুনে। দক্ষিণ ভাৰতৰ চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, কোচি। পূব ভাৰতৰ কলকাতা, ভুবনেশ্বৰ, গুৱাহাটী আৰু মধ্য ভাৰতত ভূপাল, নাগপুৰ, ৰায়পুৰ আদিকে ধৰি সমগ্ৰ ভাৰততে দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ।